চৰকাৰৰ সৈতে আলোচনাৰ অন্তত চিজেপিয়ে কয়- প্ৰধানৰ পদত্যাগৰ ক্ষেত্ৰত কোনো আপোচ নকৰে
নতুন দিল্লী, ২৪ জুলাই (হি.স.)। চৰকাৰৰ সৈতে ইয়াৰ কনষ্টিটিউচন ক্লাবত হোৱা আলোচনাৰ অন্তত ককৰোচ জনতা পাৰ্টি (চিজেপি)ৰ মুখপাত্ৰ আশুতোষ ৰাংকাই কয় যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীক লৈ কোনো আপোচ কৰিব নোৱাৰি। এই দাবীৰ প্ৰতি লক্
जे पी नड्डा और काकरोच पार्टी के प्रवक्ता (फाइल फोटो)


নতুন দিল্লী, ২৪ জুলাই (হি.স.)। চৰকাৰৰ সৈতে ইয়াৰ কনষ্টিটিউচন ক্লাবত হোৱা আলোচনাৰ অন্তত ককৰোচ জনতা পাৰ্টি (চিজেপি)ৰ মুখপাত্ৰ আশুতোষ ৰাংকাই কয় যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীক লৈ কোনো আপোচ কৰিব নোৱাৰি। এই দাবীৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে শনিবাৰে বিয়লিলৈকে সময় বিচাৰিছে বুলিও তেওঁ কয়।

বৈঠকত চৰকাৰক প্রতিনিধিত্ব কৰি কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নড্ডা আৰু প্রধানমন্ত্রীৰ কার্যালয়ত ৰাজ্যিক মন্ত্রী ড০ জিতেন্দ্র সিঙে প্রতিনিধিত্ব কৰাৰ বিপৰীতে চিজেপিক প্রতিনিধিত্ব কৰে আশুতোষ ৰাংকা আৰু সৌৰভ দাসে ৷

আশুতোষ ৰাংকাই সাংবাদিকৰ আগত কয়, চৰকাৰে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ বিয়লিলৈকে সময় বিচাৰিছে। আমি আশা কৰিছো যে চৰকাৰে তেওঁক অতি সোনকালে অপসাৰণ কৰিব। চৰকাৰে দুটা দাবীক নীতিগতভাৱে অনুমোদন দিছে: ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে এফআইআৰ প্ৰত্যাহাৰ আৰু আইনী গোচৰ।

তেওঁ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীক “অ-আলোচনাযোগ্য” বুলি অভিহিত কৰি এই বিষয়ত কোনো আপোচ নহ’ব বুলি স্পষ্ট কৰি দিয়ে। দলটোৱে উল্লেখ কৰে যে তেওঁলোকৰ মূল দাবী পূৰণ নোহোৱালৈকে যন্তৰ মন্তৰত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ অব্যাহত থাকিব।

এইয়া আছিল দিল্লীত চিজেপি আৰু চৰকাৰৰ মাজত দ্বিতীয় ৰাউণ্ডৰ আলোচনা। বিগত ২০ জুলাইত কেন্দ্ৰীয় মন্ত্ৰী জে পি নড্ডাৰ বাসগৃহত অনুষ্ঠিত হোৱা আলোচনা নিৰ্ণায়ক নাছিল। সেই বৈঠকত চিজেপিৰ প্ৰতিনিধি আশুতোষ ৰাংকা আৰু সৌৰভ দাস উপস্থিত আছিল।

ইয়াৰ পূৰ্বে চৰকাৰে চাৰিবাৰকৈ চিজেপিক আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা বুলি উল্লেখ কৰিছিল যদিও তেওঁলোক নাহিল। চিজেপিয়ে উল্লেখ কৰিছিল যে তেওঁলোকৰ প্ৰতিনিধিসকল জে পি নড্ডাৰ বাসগৃহলৈ আলোচনাৰ বাবে নাযায়; নিৰপেক্ষ স্থানত আলোচনা অনুষ্ঠিত হ’ব পাৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande