
শোণিতপুৰ,২8 জুলাই (হি.স.)। তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যয়ন সমাপ্ত কৰা আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ বাবে বিশ্ববিদ্যালয়ৰ কাউন্সিল হলত এক বিশেষ ডিগ্ৰী প্ৰদান সমাৰোহ অনুষ্ঠিত হয়। এই অনুষ্ঠানত বটছোৱানা,কেনিয়া,বাংলাদেশ,জাম্বিয়া,নাইজেৰিয়া,চুডান আৰু নেপালৰ মুঠ ১০ গৰাকী আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীক বিশ্ববিদ্যালয়ৰ সম উপাচাৰ্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসে ডিগ্ৰীপ্ৰদান কৰে।
অনুষ্ঠানতভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ উত্তৰ-পূৰ্বাঞ্চল কাৰ্যালয়ৰ আঞ্চলিক সঞ্চালক শ্ৰী এন. মুনিশ সিং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। স্নাতক ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰি অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসে তেওঁলোকক শৈক্ষিক সফলতাৰ বাবে অভিনন্দন জনায় আৰু জীৱনজুৰি জ্ঞান আহৰণৰ মনোভাৱ অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়। তেওঁ কয় যে ভাৰত হৈছে বৈচিত্ৰ্যৰে সমৃদ্ধ এক ক্ষুদ্ৰ বিশ্ব আৰু আফ্ৰিকা,লেটিন আমেৰিকা আদি বহু দেশ ভাৰতৰ উন্নয়নৰ অংশীদাৰ। ভাৰত আৰু অংশীদাৰ দেশসমূহে বহু ক্ষেত্ৰত একে ধৰণৰ আশা-আকাংক্ষা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হয়।
আজি ভাৰতৰ বিভিন্ন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ লগতে ৩৬ খন বিদেশী ৰাষ্ট্ৰৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি থকা শৈক্ষিক পৰিবেশে তেজপুৰ তেজপুৰ বিশ্ববিদ্যালয় বিশ্বমানদণ্ডলৈ উন্নীত হোৱা বুলি সদৰি কৰে। মুখ্য অতিথি শ্ৰী এন. মুনিশ সিঙে তেওঁৰ ভাষণত কয় যে ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদে সাংস্কৃতিক আৰু শৈক্ষিক আদান-প্ৰদানৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক সজাগতা সৃষ্টি কৰিবলৈ অবিৰতভাৱে কাম কৰি আহিছে। তেওঁ স্নাতক ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক ভাৰত আৰু নিজ নিজ দেশৰ সাংস্কৃতিক দূত হিচাপে কাম কৰি দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সৌহাৰ্দ্য,পাৰস্পৰিক বুজাবুজি আৰু সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ আহ্বান জনায়। এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ গুৰু, বিদ্যায়তনীক পৰিক্ৰমাৰ অধ্যাপক অসীম জ্যোতি ঠাকুৰ,পঞ্জীয়ক (ভাৰপ্ৰাপ্ত) অধ্যাপক চন্দন গোস্বামী,পৰীক্ষা নিয়ন্ত্ৰক ড°বীৰেন দাস আৰু আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা সঞ্চালকালয়ৰ সঞ্চালক অধ্যাপক শুভ্ৰাংশু শেখৰ চৰকাৰ উপস্থিত থাকে। ইয়াৰ উপৰি অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ ডীন আৰু বিভিন্ন শৈক্ষিক বিভাগৰ মুৰব্বী সকলো উপস্থিত থাকে।
উল্লেখ্য যে আজিৰ অনুষ্ঠানত কেনিয়াৰ দুগৰাকী,নেপালৰ দুগৰাকী,বাংলাদেশৰ এগৰাকী,নাইজেৰিয়াৰএগৰাকী,চূডানৰ এগৰাকী,জাম্বিয়াৰ এগৰাকী আৰু বটস্ৱানাৰ দুগৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত সাতগৰাকী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰা হয়।আনহাতে ডিগ্ৰী গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰী সকলে তেজপুৰ বিশ্ববিদ্যালয় আৰু অসমবাসীৰ উচ্চ প্ৰশংসা কৰে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ