
তেহৰাণ, ২৪ জুলাই (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ জব্দ কৰা সম্পত্তি হৰমুজ জলদ্বীপত জাহাজৰ ক্ষতিপূৰণৰ বাবে ব্যৱহাৰ কৰিবলৈ দিয়া পৰামৰ্শৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেহৰানে। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে সকীয়াই দিছে যে এনেধৰণৰ দেশৰ সম্পত্তি জব্দ কৰিলে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ বাবে এক বিপজ্জনক নজিৰ গঢ়ি তুলিব।
ইৰাণৰ ফাৰ্চ সংবাদ সংস্থা আৰু তুৰস্কৰ চৰকাৰী আনাডোলু সংবাদ সংস্থাৰ মতে, আৰাঘচিয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কয় যে ভৱিষ্যতে সম্ভাৱ্য আৰু অসংলগ্ন দাবীসমূহ সামৰি ল’বলৈ আন এখন দেশৰ সম্পত্তি জব্দ কৰাটো এক অতি উত্তেজক পদক্ষেপ। তেওঁ কয় যে যদি চৰকাৰে আন দেশৰ সম্পত্তি জব্দ কৰাটো সাধাৰণ প্ৰথা কৰি লয় তেন্তে বিশ্বৰ কোনো দেশৰ সম্পত্তি সুৰক্ষিত নহ’ব।
ইৰাণৰ বৈদেশিক মন্ত্ৰীয়ে কয় যে, যিসকলে এনে জব্দ সম্পত্তিক আদৰি লয় বা লাভৱান হয়, তেওঁলোকে মনত ৰখা উচিত যে এই প্ৰথা আৰম্ভ হ'লে কাৰো সম্পত্তি নিৰাপদ নহ'ব। ইয়াৰ ফলত সৃষ্টি হোৱা বিশৃংখলতা বিশ্বৰ স্থিতিশীলতা বা শান্তিৰ বাবেও ভাল নহ'ব।
আচলতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৈছিল যে হৰমুজ জলদ্বীপত জাহাজ, মালবাহী বা আনুষংগিক সম্পত্তিৰ যিকোনো ক্ষতিৰ ক্ষতিপূৰণ আমেৰিকাৰ নিয়ন্ত্ৰণত জব্দ কৰা ইৰাণৰ সম্পত্তিৰ পৰা দিয়া হ’ব। অৱশ্যে ইয়াৰ বাবে কি ধন ব্যৱহাৰ কৰা হ’ব সেই বিষয়ে তেওঁ স্পষ্টকৈ কোৱা নাই।
কোটি কোটি ডলাৰৰ ইৰাণৰ সম্পত্তি আমেৰিকাৰ নিষেধাজ্ঞাৰ অধীনত দীৰ্ঘদিন ধৰি স্থবিৰ হৈ আছে। ট্ৰাম্পৰ এই বক্তব্যই দুয়োখন দেশৰ মাজত ইতিমধ্যে বিদ্যমান উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছে। যোৱা কিছুদিনত আমেৰিকা আৰু ইৰাণে এই অঞ্চলত ধাৰাবাহিকভাৱে সামৰিক কার্য আৰু প্রতিশোধমূলক আক্রমণত লিপ্ত হৈ মধ্য প্রাচ্যৰ নিৰাপত্তা আৰু স্থিতিশীলতাৰ সন্দর্ভত উদ্বেগ সৃষ্টি কৰিছে ৷
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ