
গোলাঘাট, ২৪ জুলাই (হি.স.)। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা ৫০০ ছাত্ৰ ছাত্ৰীক গোলাঘাটত জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা অভিনন্দন শীৰ্ষক অনুষ্ঠানৰ জড়িয়তে সম্বৰ্দ্ধনা জনোৱা হয়।
গোলাঘাট জিলা পুঠিভড়ালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা,গোলাঘাট জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি অভিবৰ্ত্তন গোস্বামীকে প্ৰমুখ্যে কেইবা খনো মহাবিদ্যালয়,বিদ্যালয়ৰ অধ্যক্ষ,শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা