
আহমেদাবাদ/ছুৰাট, ২৪ জুলাই (হি.স.)। দক্ষিণ গুজৰাটত ধাৰাবাহিকভাৱে হোৱা প্ৰচণ্ড বৰষুণৰ ফলত একেৰাহে দ্বিতীয় দিন ৰে’ল সেৱাত প্ৰভাৱ পৰিছে। শুকুৰবাৰে ৱেষ্টাৰ্ণ ৰেলৱেই ৬১খন ৰে’ল বাতিল কৰে, য’ত বন্দে ভাৰত এক্সপ্ৰেছ, কৰ্ণৱতী এক্সপ্ৰেছ, ডাবল ডেকাৰ এক্সপ্ৰেছ, শতাব্দী এক্সপ্ৰেছ, ৰাজধানী এক্সপ্ৰেছ আদি ডাঙৰ ৰে’ল আদিও আছিল।
ৰে’লৱেৰ বিষয়াসকলৰ মতে, আহমেদাবাদৰ পৰা মুম্বাইলৈ যোৱা ট্ৰেকৰ এটা অংশত যাতায়ত পুনৰুদ্ধাৰ কৰা হৈছে, আৰু বৰ্তমান ৰে’লসমূহ সীমিত গতিৰে চলি আছে। অৱশ্যে মুম্বাই-আহমেদাবাদৰ ট্ৰেক প্ৰভাৱিত হৈ আছে।
বাতিল কৰা প্ৰধান ৰে’লসমূহৰ ভিতৰত আছে হাপা–মুম্বাই চেণ্ট্ৰেল ডুৰন্টো এক্সপ্ৰেছ (১২২৬৮), ইন্দোৰ–মুম্বাই চেণ্ট্ৰেল ডুৰন্টো (১২২২৮), হজৰত নিজামুদ্দিন–বন্দ্ৰা টাৰ্মিনাছ গৰিব ৰথ এক্সপ্ৰেছ (১২৯১০), হজৰত নিজামুদ্দিন–মুম্বাই চেণ্ট্ৰেল আগষ্ট ক্ৰান্তি ৰাজধানী এক্সপ্ৰেছ (১২৯৫৪), হৰিদ্বাৰ–বন্দ্ৰা টাৰ্মিনাছ এক্সপ্ৰেছ (১৯০১৯), আৰু বান্দ্ৰা টাৰ্মিনাছ–যোধপুৰ ছুপাৰফাষ্ট এক্সপ্ৰেছ (১২৪৮০)।
তদুপৰি আনন্দ–বদোদৰা মেইমু, বদোদৰা–ছুৰাট মেইমু, ভাৰুচ–ছুৰাট মেইমু, বদোদৰা–দহানু ৰোড, বিৰাৰ–ভাৰুচ, বান্দ্ৰা টাৰ্মিনাছ–উধনা স্পেচিয়েলকে ধৰি কেইবাখনো স্থানীয় আৰু যাত্ৰীবাহী ৰে’লো বাতিল কৰা হৈছে।
পশ্চিম ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া বিনীত অভিষেকে কয় যে চুৰাটৰ পৰা মুম্বাইলৈ (আপ লাইন) সীমিত গতিৰে ৰে’লৰ চলাচল পুনৰ আৰম্ভ হৈছে, আনহাতে মুম্বাইৰ পৰা চুৰাটলৈ (ডাউন লাইন) সেৱা অতি সোনকালে পুনৰ ঘূৰাই অনাৰ প্ৰচেষ্টা চলি আছে।
বৃহস্পতিবাৰে হোৱা প্ৰচণ্ড বৰষুণৰ ফলত ৰেল যাতায়ত বন্ধ হৈ পৰাত বিলিমোৰাকে ধৰি তিনিটা স্থানত যুদ্ধৰ ভিত্তিত মেৰামতিৰ কাম চলাই আছে ৰে’ল অভিযান্ত্ৰিক দলে।
মুম্বাই-গুজৰাট ৰেল কৰিডৰ দেশৰ অন্যতম ব্যস্ত ৰে’ল পথ। একেৰাহে দ্বিতীয় দিন ৰে’ল বাতিল আৰু পলম হোৱাৰ বাবে হাজাৰ হাজাৰ যাত্ৰী অসুবিধাৰ সন্মুখীন হৈছে।
ৰে’লৱে যাত্ৰাৰ পূৰ্বে যাত্ৰীসকলক ৰে’লৰ শেহতীয়া অৱস্থা পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে। বতৰ আৰু ট্ৰেক সুৰক্ষা নিশ্চিত কৰাৰ পিছতহে সকলো সেৱা সম্পূৰ্ণৰূপে পুনৰুদ্ধাৰ কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া