
কামৰূপ, ২৪ জুলাই (হি.স.)। ৰঙিয়াত ধাৰাবাহিক চুৰিকাণ্ডই সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে যোৱা নিশা চাৰিজনকৈ চোৰ কৰায়ত্ব হোৱাত স্থানীয় ৰাইজে কিছু স্বস্তিৰ নিশ্বাস পেলাইছে। ৰঙিয়াৰ তুলসীবাৰীত থকা অধুনালুপ্ত বস্ত্ৰ উদ্যোগ এপ'ল মিলত নিশা চুৰি কাণ্ড সংঘটিত কৰিবলৈ অহা চোৰৰ দলক পহুখেদা দি এজনক আটক কৰিবলৈ সক্ষম হয় স্থানীয় একাংশ লোকে।
আনহাতে উক্ত ঘটনাত জড়িত দুজন চোৰে পলায়ন কৰে। ইফালে ধৃত চোৰজনক স্থানীয় ৰাইজে আৰক্ষীৰ উপস্থিতিত জেৰা চলাই আন সহযোগী তিনিজনৰ সম্ভেদ লাভ কৰে। পিছত স্থানীয় তিনিও জন সহযোগীকে চুৰিকাণ্ডত ব্যৱহৃত সা– সজুলি সহ আটক কৰে। সম্প্ৰতি অধিক তথ্যৰ বাবে আৰক্ষীয়ে চোৰ কেইজনক জেৰা অব্যাহত ৰাখিছে ।সম্প্ৰতি ৰঙিয়াত চোৰৰ সন্ত্ৰাসে ৰাইজৰ নিদ্ৰাহৰণ কৰিছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা