জলস্তৰ বৃদ্ধি পোৱাৰ পিছতে নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ চাৰিও খন গেট খুলি দিয়া হৈছে
গোলাঘাট, ২৪ জুলাই (হি.স.)। নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ চাৰিও খন স্পিলৱে গেট খুলি দিয়া হৈছে। নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পত বৃদ্ধি পাইছে জলস্তৰ। আজি জলাধাৰৰ জলস্তৰ ৩২২.৯৯ মিটাৰলৈ বৃদ্ধি পোৱাৰ পাছতে চাৰিওখন স্পিলৱে গেট ১ মিটাৰকৈ খুলি দিয
জলস্তৰ বৃদ্ধি পোৱাৰ পিছতে নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ চাৰিও খন গেট খুলি দিয়া হৈছে


গোলাঘাট, ২৪ জুলাই (হি.স.)। নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ চাৰিও খন স্পিলৱে গেট খুলি দিয়া হৈছে।

নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পত বৃদ্ধি পাইছে জলস্তৰ। আজি জলাধাৰৰ জলস্তৰ ৩২২.৯৯ মিটাৰলৈ বৃদ্ধি পোৱাৰ পাছতে চাৰিওখন স্পিলৱে গেট ১ মিটাৰকৈ খুলি দিয়া হৈছে।

চাৰিওখন গেটৰ জৰিয়তে প্ৰতি ছেকেণ্ডত প্ৰায় ১৭৯ ঘনমিটাৰ পানী নিৰ্গত কৰা হৈছে।

ইফালে, দৈয়াং নদীৰ পানী জামুগুৰিত বিপদ সীমাৰ তলত আছে যদিও গোলাঘাট আৰু বোকাখাত মহকুমাৰ কেইবা খনো নদীৰ জলস্তৰ বৃদ্ধি পাইছে।

ধনশিৰি নদীৰ জলস্তৰ নুমলীগড়ত ৭৮.৯৯ মিটাৰলৈ বৃদ্ধি পাই বিপদ সীমা ৭৮.৪২ মিটাৰ অতিক্ৰম কৰিছে।

কাকডোঙা নদীৰ জলস্তৰো ডিফলুটিঙত ৮৮.১৯ মিটাৰলৈ বৃদ্ধি পাই বিপদ সীমা ৮৭.৫০ মিটাৰ অতিক্ৰম কৰিছে।

ইফালে, বাদুলিপাৰাত গেলাবিল নদীৰ জলস্তৰ ৭৭.৯৩ মিটাৰ আৰু জামুগুৰিত দৈয়াং নদীৰ জলস্তৰ ৯৬.৪৪ মিটাৰ ৰেকৰ্ড কৰা হৈছে।

দৈয়াং জলাধাৰৰ পৰা পানী এৰি দিয়াৰ ফলত নামনি অঞ্চলত নদ-নদীৰ জলস্তৰ আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। সেয়ে নদী কাষৰীয়া অঞ্চলৰ ৰাইজক সজাগ আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande