
গোলাঘাট, ২৪ জুলাই (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁও ভেটেৰাণ স্পৰ্টছ এচ'চিয়েশ্বনৰ ফুটবল প্ৰতিযোগিতা আয়োজন কৰা হৈছে । দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ২৬ জুলাই পৰা ১ আগষ্টলৈ অনুষ্ঠিত হ'ব দেৰগাঁও ভেটেৰাণ স্পটৰ্চ এচছিয়েচনৰ উদ্যোগত প্ৰয়াত গুণকান্ত বৰুৱা আৰু পঞ্চ সতীৰ্থ সোঁৱৰণী সদৌ অসম ভিত্তিত প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতা।
অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৮ টা দলে অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত । দেৰগাঁও ভেটেৰাণ স্পটৰ্চ এচছিয়েচনৰ সভাপতি তথা প্ৰাক্তন খেলুৱৈ অৰুণ গগৈ আৰু সম্পাদক ৰিতুৰাজ বৰুৱাই সকলোৰে সহায় সহযোগ তথা উপস্থিতি আন্তৰিকতাৰে তথা একান্ত ভাবে কামনা কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ