
শিৱসাগৰ, ২৪ জুলাই (হি.স.)। সংহাৰী বানে বিধ্বস্ত কৰা চৰাইদেউ আৰু শিৱসাগৰ জিলালৈ সাহাৰ্য প্ৰেৰণ আচাৰ্য পংকজ পাঠকৰ ।
বানেধোৱা চৰাইদেউ আৰু শিৱসাগৰ জিলাত সৃষ্টি হোৱা অভাৱনীয় খাদ্য,বস্ত্ৰৰ সংকট নিৰাময়ৰ লক্ষ্যৰে আচাৰ্য পংকজ পাঠকে গ্ৰহণ কৰে বিশেষ উদ্যোগ।
স্থানীয় ৰাইজৰ সহযোগত আচাৰ্য পাঠকে বান বিধ্বস্ত এলেকালৈ শুকুৰবাৰে পুৱাৰ ভাগত ৰঙিয়াৰ পৰা প্ৰেৰণ কৰে সাহাৰ্য সামগ্ৰী।
মাংগলিক পূজা অৰ্চনাৰে সাহাৰ্য সামগ্ৰী ভৰ্তি তিনিখনকৈ বাহণে যাত্ৰা আৰম্ভ কৰে। মানুহে মানুহৰ বাবে। সুধাকণ্ঠৰ কালজয়ী গীতটিৰ নিদৰ্শন দেখিবলৈ পোৱা গ'ল আচাৰ্য পংকজ পাঠকে গ্ৰহণ কৰা উদ্যোগৰ জৰিয়তে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা