
কোকৰাঝাৰ, ২৪ জুলাই (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত ১ নম্বৰ ছেৰফাংগুৰী গাঁৱৰ বাসিন্দা ৰঞ্জিত দেৱনাথৰ পুত্ৰ গৌৰৱ দেৱনাথ আৰু ১ নম্বৰ ভোমৰাবিল গাঁৱৰ বাসিন্দা কৃষ্ণ দাসৰ পুত্ৰ উদয় দাসে চিকিৎসা শিক্ষাৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা নীট-২০২৬-ত উত্তীৰ্ণ হৈ উজ্জ্বল সাফল্য অৰ্জন কৰিছে। এই উল্লেখযোগ্য সাফল্যক স্বীকৃতি জনাই ইউপিপিএল দলৰ শ্ৰীৰামপুৰ সমষ্টিৰ এমচিএলএ উইলছন হাসদায়ে তেওঁলোকৰ বাসগৃহত কালি সন্ধিয়া উপস্থিত হৈ প্ৰশংসনীয় পত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। তেওঁ দুয়োগৰাকী কৃতী ছাত্ৰক অভিনন্দন জনাই ভৱিষ্যতে দক্ষ আৰু জনসেৱামুখী চিকিৎসক হিচাপে সমাজৰ সেৱা আগবঢ়াবলৈ উৎসাহিত কৰে।
এই উপলক্ষে তেওঁ কয় যে, গাঁও অঞ্চলৰ পৰা এনে সাফল্য লাভ কৰাটো সমগ্ৰ অঞ্চলটোৰ বাবে গৌৰৱৰ বিষয়। কষ্ট, অধ্যৱসায় আৰু একাগ্ৰতাৰে যিকোনো লক্ষ্যত উপনীত হ'ব পাৰি বুলি উল্লেখ কৰি আন ছাত্ৰ-ছাত্ৰীসকলেও এই কৃতী শিক্ষাৰ্থীসকলৰ পৰা প্ৰেৰণা ল'ব লাগে বুলি আহ্বান জনায়।সম্বৰ্ধনা অনুষ্ঠানত পৰিয়ালৰ সদস্য, স্থানীয় বিশিষ্ট ব্যক্তি, ইউপিপিএল দলৰ কৰ্মী-সমৰ্থক আৰু গাঁৱৰ বহু লোক উপস্থিত থাকে। সকলোৱে কৃতী ছাত্ৰ দুজনৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰাৰ লগতে এনে সাফল্যই অঞ্চলটোৰ শিক্ষা ক্ষেত্ৰলৈ নতুন আশাৰ সঞ্চাৰ কৰিব বুলি মত প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ