
কোকৰাঝাৰ, ২৪ জুলাই (হি.স.)। আগন্তুক লোকপিয়লৰ বাবে পৰ্বতঝোৰাৰ গণনাকাৰী আৰু তত্বাৱধায়ক বিষয়া সকলৰ তিনি দিনীয়া প্ৰশিক্ষণ আৰম্ভ।
কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত পৰ্বতঝোৰাৰ দেৱীতলা পি এম শ্ৰী দেৱীতলা উচ্চ মাধ্যমিক বিদ্যালয়ত অহা ২ আগষ্ট তাৰিখৰ পৰা ডিজিটেল পদ্ধতিৰে হব লগা লোকপিয়লৰ গণনাৰ বাবে গণনাকাৰী আৰু তত্বাৱধায়ক বিষয়া সকলোক প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ কালি ৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে।
২৫২খন গাঁৱৰ ২৩৩গৰাকী গণনাকাৰী বিষয়া আৰু ৩৯খন তত্বাৱধায়ক বিষয়াক এই প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ দান কৰিব মাষ্টাৰ প্ৰশিক্ষক সকলোৱে।
লোকপিয়ল প্ৰক্ৰিয়াটো সুকলমে অনুষ্ঠিত কৰাৰ বাবে VCDC অধ্যক্ষ, সদস্য, সদস্যা ,গাঁৱৰ গাওঁবুঢ়া, সামাজিক সংগঠন সকলোৰ সহায় সহযোগিতা প্ৰশাসনে কামনা কৰাৰ লগতে ৰাইজক এই ক্ষেত্ৰত সজাগ কৰাৰ বাবে বেনাৰ,পোষ্টাৰিং, মাইকিং আদি কৰি ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু