দেৰগাঁও বিধান সভা সমষ্টিৰ কপহুৱাটিং নপমুৰাৰ ৯২ টা ঘৰ সম্পূৰ্ণ পানীৰ তলত
গোলাঘাট, ২৪ জুলাই (হি.স.)। গোলাঘাট জিলাৰ দেৰগাঁও বিধান সভা সমষ্টিৰ কলিয়াপানী গাঁও পঞ্চায়তৰ কপহুৱাটিং নপমুৰাৰ ৯২ টা ঘৰ বৰ্তমান সম্পূৰ্ণ পানীৰ তলত। ককডোঙা নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিস্তৃত অঞ্চল। নাই কোনো জন প্ৰতিনিধি তথা পঞ্চায়ত প্ৰতিনিধিৰ খবৰ
দেৰগাঁও বিধান সভা সমষ্টিৰ কপহুৱাটিং নপমুৰাৰ ৯২ টা ঘৰ সম্পূৰ্ণ পানীৰ তলত


গোলাঘাট, ২৪ জুলাই (হি.স.)। গোলাঘাট জিলাৰ দেৰগাঁও বিধান সভা সমষ্টিৰ কলিয়াপানী গাঁও পঞ্চায়তৰ কপহুৱাটিং নপমুৰাৰ ৯২ টা ঘৰ বৰ্তমান সম্পূৰ্ণ পানীৰ তলত। ককডোঙা নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিস্তৃত অঞ্চল। নাই কোনো জন প্ৰতিনিধি তথা পঞ্চায়ত প্ৰতিনিধিৰ খবৰ।কাকডোঙা নদীৰ এই অঞ্চলত নাই কোনো এছডিআৰএফ বা এনডিআৰএফৰ দল। নাই কোনো নাও। গাও বাসীয়ে কলৰ ভুৰ বনাই ৰাইজৰ অহা যোৱা কৰাই লোক সকলক। কাকডোঙা নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিস্তৃত অঞ্চলৰ গাওঁ। মানুহৰ ঘৰৰ ভিতৰত মাথো এতিয়া পানী। দুগৰাকী গৰ্ভৱতী মহিলাই আশ্ৰয় লোৱা দেখা পোৱা গৈছে পথৰ কাষত নিৰ্মান কৰা অস্থায়ী সাহায্য শিবিৰত।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande