
কোকৰাঝাৰ, ২৪ জুলাই (হি.স.)। বনমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতো পৰ্বতঝোৰা সক্ৰিয় বালিৰ ছিণ্ডিকেট বাহিনী।অবৈধ বালি সৰবৰাহৰ বিৰুদ্ধে অভিযান পৰ্বতঝোৰা বন বিভাগৰ।পৰ্বতঝোৰা বন সুৰক্ষা বাহিনীৰ অভিযানত নথি পত্ৰ বিহীন এখন ডাম্পাৰ জব্দ।
১২৭(বি) ৰাষ্ট্ৰীয় ঘাইপথৰ গ্ৰাহামপুৰত নিশা বন বিভাগৰ অভিযানত জব্দ বালি ভৰ্তি ডাম্পাৰ খন।শ্ৰীৰামপুৰৰ পৰা ধুবুৰী অভিমুখী আছিল ডাম্পাৰখন।জব্দকৃত ডাম্পাৰখনৰ নম্বৰ এন এল ০১ এ এফ ৯২৯৬ বহু দিনৰ পৰাই এটা অসাধু চক্ৰই এই পথৰে অবৈধ ভাৱে শিল-বালি সৰবৰাহ কৰাৰ অভিযোগ উত্থাপিতহৈ আহিছিলে।জব্দকৃত ডাম্পাৰখন জব্দ কৰি পৰ্বতঝোৰা বন সংমণ্ডল কাৰ্য্যালয়লৈ আনি তদন্ত আৰম্ভ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ