
নতুন দিল্লী, ২৪ জুলাই (হি.স.)। দিল্লী মেট্ৰ’ ৰে’ল নিগমে শুকুৰবাৰে ৰাজধানীৰ কেইবাটাও মেট্ৰ’ ষ্টেচন সাময়িকভাৱে নিৰাপত্তাজনিত কাৰণত বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ডি এম আৰ চিৰ তথ্য অনুসৰি ২৪ জুলাইৰ পুৱা ৭:৩০ বজাৰ পৰা পৰৱৰ্তী জাননী নিদিয়ালৈকে ১৭টা মেট্ৰ’ ষ্টেচন বন্ধ থাকিব। এই সময়ছোৱাত যাত্ৰীৰ প্ৰৱেশ আৰু প্ৰস্থান সম্পূৰ্ণ নিষিদ্ধ কৰা হ’ব।
অৱশ্যে ৰাজীৱ চক, মাণ্ডী হাউচ আৰু কেন্দ্ৰীয় সচিবালয়ৰ মেট্ৰ’ ষ্টেচনত কেৱল লাইন চেঞ্জৰ সুবিধা উপলব্ধ হ’ব। অৰ্থাৎ এই ষ্টেচনসমূহত যাত্ৰীসকলে ৰে’ল সলনি কৰিব পাৰিব, কিন্তু ষ্টেচনত প্ৰৱেশ বা প্ৰস্থানৰ অনুমতি দিয়া নহ’ব।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰকাশ কৰা এক বাৰ্তাত ডি এম আৰ চিয়ে উল্লেখ কৰিছে যে মেট্ৰ’ ষ্টেচন লোক কল্যাণ মাৰ্গ, ৰাজীৱ চ’ক, পেটেল চ’ক, ৰামকৃষ্ণ আশ্ৰম মাৰ্গ, বাৰাখম্বা ৰোড, উচ্চতম ন্যায়ালয়, সেৱা তীৰ্থ, জনপথ, মণ্ডি হাউচ, কেন্দ্ৰীয় সচিবালয়, আই টি অ’, দিল্লী গেট, ইন্দ্ৰপ্ৰস্থ, খান মাৰ্কেট, জোৰ বাগ, শিৱাজী ষ্টেডিয়াম, আৰু ঝাণ্ডেৱালান বন্ধ থাকিব।
যাত্ৰীসকলক ভ্ৰমণৰ পৰিকল্পনা কৰাৰ পূৰ্বে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শেহতীয়া আপডেটসমূহ পৰীক্ষা কৰাৰ লগতে বিকল্প পথ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ডি এম আৰ চিয়ে। যাত্ৰীসকলক মেট্ৰ’ সেৱা সম্পৰ্কীয় শেহতীয়া তথ্যৰ বাবে ডি এম আৰ চিৰ অফিচিয়েল চেনেলসমূহ নিৰীক্ষণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
ডি এম আৰ চিৰ মতে, যন্তৰ মন্তৰত চি জে পিৰ প্ৰস্তাৱিত বিক্ষোভৰ প্ৰতি লক্ষ্য ৰাখি এই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই বিক্ষোভৰ বাবে দিল্লীৰ কেইবাটাও ডাঙৰ পথত যাতায়ত ব্যাহত হোৱাৰ সম্ভাৱনা আছে। এই কথা মনত ৰাখি মেট্ৰ’ ষ্টেচনসমূহ সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া