
চিৰাং, ২৪ জুলাই (হি.স.)। চিৰাং জিলাৰ বাসুগাঁও চহৰৰ বিবেকানন্দ পল্লীৰ বাসিন্দা জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা সাহিত্যিক, নাট্য অভিনেতা, এগৰাকী সাংস্কৃতিক সংগঠক হাৰাধন সাহা কালি নিশা ১১:৩০ বজাত ৭৩ বছৰ বয়সত নিজ বাসগৃহতে বাৰ্দ্ধক্য জনিত ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে ।
প্ৰয়াত হাৰাধন সাহাই অসমৰ উপৰি উত্তৰ বঙ্গৰ বিভিন্ন বিভিন্ন পত্ৰ পত্ৰিকাত গল্প, প্ৰবন্ধ, কবিতা লিখিছিল।
নামনি অসমৰ অন্যতম সাংস্কৃতিক - সাহিত্য সংস্থা সাগ্নিক ৰ অন্যতম প্ৰতিষ্ঠাতাৰ এজন হাৰাধন সাহাৰ মৃত্যুত সাংস্কৃতিক মহলত গভীৰ ছাঁ নামি পৰিছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা