বাক্সাত আৰক্ষীৰ অভিযানত গৰুচোৰ কৰায়ত্ব
বাক্সা, ২৪ জুলাই (হি.স.)। বাক্সা আৰক্ষীৰ বৃহৎ সাফল্য । আশ্ৰফ আলী নামৰ এটা গৰু চোৰক আটক । হাজো চক্লাপাৰাৰ পৰা বাক্সা আৰক্ষীয়ে আটক কৰে গৰুচোৰ জনক । বাক্সা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি এএছ ০১ এফ পি ৭৮৩৩ নম্বৰৰ এখন মাৰুতি আৰ্টিগা বাহনসহ আশ্ৰফ আলী ন
বাক্সাত আৰক্ষীৰ অভিযানত গৰুচোৰ কৰায়ত্ব


বাক্সা, ২৪ জুলাই (হি.স.)। বাক্সা আৰক্ষীৰ বৃহৎ সাফল্য । আশ্ৰফ আলী নামৰ এটা গৰু চোৰক আটক । হাজো চক্লাপাৰাৰ পৰা বাক্সা আৰক্ষীয়ে আটক কৰে গৰুচোৰ জনক । বাক্সা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি এএছ ০১ এফ পি ৭৮৩৩ নম্বৰৰ এখন মাৰুতি আৰ্টিগা বাহনসহ আশ্ৰফ আলী নামৰ গৰুচোৰ জনক আটক কৰিবলৈ সক্ষম হয় ।

অৱশ্যে পলাই যাবলৈ সক্ষম হয় আন তিনি গৰুচোৰ । বৰ্তমান বৰবৰী আৰক্ষীৰ জিম্মাত আছে ধৃত গৰুচোৰ আশ্ৰফ আলী । উল্লেখ্য যে বিগত কিছুদিন ধৰি বাক্সা জিলাৰ বিভিন্ন স্থানত গৰু চুৰি কৰি একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছিল গৰুচোৰৰ এটা বৃহৎ দলে । এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব চুৰিকাণ্ডৰ সম্পূৰ্ণ তথ্য ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande