
বছৰটোৰ ২৫ জুলাই চিকিৎসা ইতিহাসৰ এক উল্লেখযোগ্য কৃতিত্ব। ১৯৭৮ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ অলধামত আইভিএফ (ইন ভিট্ৰ’ ফাৰ্টিলাইজেচন)ৰ জৰিয়তে গৰ্ভধাৰণ কৰা বিশ্বৰ প্ৰথমটো কেঁচুৱা লুইজ ব্ৰাউনৰ জন্ম হয়। এই পৰিঘটনাই প্ৰজনন চিকিৎসা বিজ্ঞানত এক বিপ্লৱৰ সূচনা কৰে।
প্ৰায় ২.৬ কিলোগ্ৰাম ওজনৰ লুইজ ব্ৰাউনৰ জন্ম হৈছিল অলধাম জেনেৰেল হাস্পতালত। এই সফল জন্ম ব্ৰিটিছ বিজ্ঞানী ড° ৰবাৰ্ট এডৱাৰ্ডছ আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ ড° পেট্ৰিক ষ্টেপট'ৰ বছৰ বছৰ ধৰি কৰা গৱেষণা আৰু প্ৰচেষ্টাৰ ফল। পৰৱৰ্তী সময়ত এই সাফল্যৰ বাবে ডাঃ ৰবাৰ্ট এডৱাৰ্ডছক ২০১০ চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত কৰা হয়।
লুইজ ব্ৰাউনৰ জন্মই প্ৰাকৃতিকভাৱে গৰ্ভধাৰণ কৰিব নোৱাৰা লাখ লাখ দম্পতীৰ বাবে নতুন আশা কঢ়িয়াই আনিছিল। জন্মৰ পিছত কেৱল ব্ৰিটেইনতে নহয়, বিশ্বৰ বহু দেশতো আইভিএফ প্ৰযুক্তিৰ প্ৰতি আগ্ৰহ দ্ৰুতগতিত বৃদ্ধি পালে।
আজি ভাৰতকে ধৰি বিশ্বৰ প্ৰায়বোৰ দেশতে আই ভি এফ প্ৰযুক্তি ব্যাপকভাৱে গ্ৰহণ কৰা হৈছে। আধুনিক চিকিৎসা বিজ্ঞানৰ এই সাফল্যই ইতিমধ্যে লাখ লাখ নিঃসন্তান দম্পতীক পিতৃ-মাতৃত্বৰ আনন্দ দিছে আৰু ইয়াক প্ৰজনন চিকিৎসাৰ ক্ষেত্ৰত অন্যতম গুৰুত্বপূৰ্ণ আৱিষ্কাৰ হিচাপে গণ্য কৰা হয়।
গুৰুত্বপূৰ্ণ পৰিঘটনা
১৬৮৯ - ফ্ৰান্সে ইংলেণ্ডৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
১৮১৩ - আজিৰ দিনটোতে কলিকতাত ভাৰতৰ প্ৰথম নাও দৌৰ অনুষ্ঠিত হয়।
১৮৩৭ - বৈদ্যুতিক টেলিগ্ৰাফৰ ব্যৱহাৰ প্ৰথমবাৰৰ বাবে সফলতাৰে প্ৰদৰ্শন কৰা হয়।
১৮৫৪ - ৱালটাৰ হাণ্টে প্ৰথম কাগজৰ চাৰ্ট কলাৰৰ বাবে আমেৰিকাৰ পেটেণ্ট লাভ কৰে।
১৯৪৩ - ইটালীৰ একনায়কত্ববাদী বেনিটো মুছলিনীয়ে পদত্যাগ কৰে। ইয়াৰ পিছতে ৰজা ভিক্টৰ ইমানুৱেলে মাৰ্শ্বাল পিয়েট্ৰ’ বাড’গ্লিঅ’ক নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।
১৯৪৮ - অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলে ভাৰতীয় দলৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত সৰ্বোচ্চ লক্ষ্যত উপনীত হৈ অভিলেখ গঢ়িবলৈ সক্ষম হয়।
১৯৬৩ - আমেৰিকা, ৰাছিয়া আৰু ব্ৰিটেইনে পাৰমাণৱিক পৰীক্ষা নিষেধাজ্ঞা চুক্তি স্বাক্ষৰ কৰে।
১৯৭৮ - ব্ৰিটেইনৰ অলধামত প্ৰথমটো টেষ্ট টিউবযুক্ত শিশুৰ জন্ম হয়।
১৯৯৪ - জৰ্ডানৰ ৰজা হুছেইন আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী য়িজাক ৰাবিনে ৱাশ্বিংটনত এক ঐতিহাসিক ঘোষণাপত্ৰত স্বাক্ষৰ কৰে।
১৯৯৪ - চন্দ্ৰত মানৱ অৱতৰণৰ ৰূপালী জয়ন্তী।
২০০০ - এয়াৰ ফ্ৰান্স কনকৰ্ডৰ এখন বিমান উৰণৰ কিছু সময়ৰ পিছতে এখন হোটেলত খুন্দা মাৰে। এই দুৰ্ঘটনাত হোটেলখনৰ ভিতৰতে ১০৯ জন যাত্ৰী আৰু ৪ জন লোকৰ মৃত্যু হয়।
২০০১ - কনজাৰ্ভেটিভ মুছলমান নেতা হামজাহ হাজ ইণ্ডোনেছিয়াৰ নতুন উপ-ৰাষ্ট্ৰপতি হয়।
২০০৪ - পাকিস্তানী পাৰমাণৱিক বিজ্ঞানী আব্দুল কাদীৰ খানৰ তিনিজন সহযোগীক মুকলি কৰি দিয়া হয়।
২০০৭ - প্ৰতিভা পাটিলে ভাৰতৰ দ্বাদশ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰি ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হয়।
২০০৮ - উত্তৰ-পূব ইৰাকত এগৰাকী মহিলা আত্মঘাতী বোমাৰু বিস্ফোৰণত এজন সাধাৰণ নাগৰিককে ধৰি ৮ জন লোক নিহত হয়।
২০১৭ - গুজৰাটত বানত ৭০ জনতকৈ অধিক লোকৰ মৃত্যু।
জন্ম
১৮৯৪ - আজিৰ দিনটোতে পণ্ডিত, গৱেষক, সমালোচক পৰশুৰাম চতুৰ্বেদী।
১৯২০ - গোবিন্দ নাৰায়ণ সিং - মধ্যপ্ৰদেশৰ প্ৰাক্তন পঞ্চম মুখ্যমন্ত্ৰী।
১৯২২ - আজিৰ দিনটোতে শ্যামাচৰণ ডুবে - ভাৰতীয় সমাজবিজ্ঞানী আৰু সাহিত্যিক।
১৯২৯ - সোমনাথ চেটাৰ্জী - বিখ্যাত ৰাজনীতিবিদ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ অন্যতম বিশিষ্ট নেতা।
১৯৬৬ - আজিৰ দিনটোতে হৰসিমৰত কৌৰ বাদল - ভাৰতৰ বিখ্যাত ৰাজনীতিবিদ, বৰ্তমান ভাৰত চৰকাৰৰ অধীনৰ খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী।
মৃত্যু
১৮৮০ - আজিৰ দিনটোতে গণেশ বাসুদেৱ যোশী - জনকৰ্মী।
১৯৫৬ - গোদাবৰীশ মিশ্ৰ - ওড়িশাৰ পৰা প্ৰখ্যাত সমাজ সংস্কাৰক, সাহিত্যিক আৰু জনকৰ্মী।
১৯৮১ - মনমোহন ছুৰি - ভাৰতীয় যান্ত্ৰিক অভিযন্তা আৰু দুৰ্গাপুৰৰ কেন্দ্ৰীয় যান্ত্ৰিক অভিযান্ত্ৰিক গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক।
২০১২ চনত বি.আৰ. ইছাৰা - বিখ্যাত চলচ্চিত্ৰ পৰিচালক।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া