দেৰগাঁও পৌৰ সভা প্ৰশাসনৰ চাফাই অভিযান অব্যাহত
দেৰগাঁও পৌৰ সভা প্ৰশাসনৰ চাফাই অভিযান অব্যাহত।
দেৰগাঁও পৌৰ সভা প্ৰশাসনৰ চাফাই অভিযান অব্যাহত


গোলাঘাট, ২৪ জুলাই (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁও পৌৰ সভা প্ৰশাসনৰ চাফাই অভিযান অব্যাহত আছে । দেৰগাঁও নগৰৰ কৃত্ৰিম বানৰ পৰিস্থিতিলৈ চাই পৌৰ সভা প্ৰশাসনে বিগত চাৰি দিন ধৰি চলাই আহিছে ড্ৰেইন সমূহৰ চাফাই অভিযান । বিগত কিছু দিন পূৰ্বে ধাৰাষাৰ বৰষুণৰ ফলত কৃত্ৰিম বানত দুব গৈছিল দেৰগাঁও নগৰ। বহু সংখ্যক দেৰগাঁও বাসীৰ গৃহৰ ভিতৰত সোমাইছিল পানী।

নলা সমূহ কোনো ধৰণৰ বৈজ্ঞানিক পদ্ধতিৰে নিৰ্মান নকৰাৰ ফলত এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগো উত্থাপিত হয় । পৌৰ সভাৰ প্ৰচেষ্টাত কৃত্ৰিম বানৰ পৰা কিছু পৰিমানে পৰিত্ৰাণ পায় যদিও সম্প্ৰতি গেলাবিল নৈৰ বাঢ়নী পানীয়ে নিদ্ৰা হৰিছে দেৰগাঁও বাসীৰ । ইতিমধ্যে বিপদ সীমাৰ ওপৰেৰে বৈছে গেলাবিল নৈ আৰু কালি নিশাৰ ভিতৰত দয়াং জল বিদ্যুৎ প্ৰকল্পই অতিৰিক্ত পানী এৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা ব্য়ক্ত কৰা হৈছে, যাৰ ফলত অসমৰ অন্যান্য নৈ সমূহৰ লগতে দেৰগাঁৱৰ গেলাবিল নৈৰো পানী মাথাউৰীৰ ওপৰে বাগৰাৰ সম্ভাৱনা আছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande