বিলাসীপাৰাত ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ
ধুবুৰী, ২৪ জুলাই (হি.স.)। বিলাসীপাৰাতো ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ । পাঁচ শতাধিক ছাত্ৰ ছাত্ৰীয়ে উত্তাল কৰি তুলিলে বিলাসীপাৰা । সেহতীয়াকৈ নীট ৰ প্ৰশ্ন কাকত ফাদিলক কেন্দ্ৰ কৰি দিল্লীৰ যন্তৰ মন্তৰত চলি অহা প্ৰতিবাদৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ বৰ্বৰতাত
বিলাসীপাৰাত ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ


ধুবুৰী, ২৪ জুলাই (হি.স.)। বিলাসীপাৰাতো ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ । পাঁচ শতাধিক ছাত্ৰ ছাত্ৰীয়ে উত্তাল কৰি তুলিলে বিলাসীপাৰা ।

সেহতীয়াকৈ নীট ৰ প্ৰশ্ন কাকত ফাদিলক কেন্দ্ৰ কৰি দিল্লীৰ যন্তৰ মন্তৰত চলি অহা প্ৰতিবাদৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ বৰ্বৰতাত জাঙুৰ খাই উঠিছে দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ সমাজ ।

প্ৰশ্ন কাকত ফাদিল আৰু ২১ জন কৈ মেধা শিক্ষাৰ্থীৰ চৰম পন্থা বাছি লোৱা ঘটনাৰ প্ৰতিবাদত বিলাসীপাৰাতো শ্ৰেণী কোঠা এৰি ৰাজপথ লৈ ওলাই আহিল স্থানীয় বিভিন্ন স্কুল কলেজৰ শ শ ছাত্ৰ-ছাত্ৰী । কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ছাত্ৰ ছাত্ৰী সকলে সাৱ্যস্ত কৰে এই প্ৰতিবাদ ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande