
বৰপেটা, ২৪ জুলাই (হি.স.)। সামাজিক মাধ্যমত আপত্তিজনক পোষ্টৰ অভিযোগত বজালীৰ এজন যুৱক গ্ৰেপ্তাৰ। বজালী জিলাৰ পাঠশালাৰ নিবাসী নিপুকন তালুকদাৰ নামৰ এজন যুৱকক সামাজিক মাধ্যমত কৰা আপত্তিজনক পোষ্টৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অভিযোগ অনুসৰি, দুদিন পূৰ্বে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্পৰ্কীয় এটা বাতৰি শ্বেয়াৰ কৰি আপত্তিজনক মন্তব্য কৰিছিল।
লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ উপৰিও, সামাজিক মাধ্যমত কৰা আন কিছুমান পোষ্টৰ জৰিয়তে ৰাজ্যত অস্থিৰতা সৃষ্টিৰ বাবে উচটনি দিয়াৰ অভিযোগো উত্থাপিত হৈছে। নিপুন তালুকদাৰ এগৰাকী পশু চিকিৎসক হিচাপে কৰ্মৰত আছিল। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বজালী আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ