বজালী বাসীয়ে দাবী নকৰাকৈয়ে বজালীত এখন মেডিকেল কলেজ স্থাপন কৰা হবঃ বিজেপি
বৰপেটা, ২৪ জুলাই (হি.স.)। এই বাজেট জনকল্যানমূলক বাজেট। ৰাজ্য চৰকাৰৰ পূৰ্বৰ সকলো আচনি পুনৰ আৰম্ভ হব তাক আমি আদৰণি জনাইছো । এই বাজেটে বজালীলৈ দুটা ভাল খবৰ লৈ আহিছে । বজালী জিলা বিজেপিৰ সংবাদমেল । সংবাদমেল সম্বোধন কৰে বজালী জিলা বিজেপিৰ সভাপতি মুকুট
বজালী বাসীয়ে দাবী নকৰাকৈয়ে বজালীত এখন মেডিকেল কলেজ স্থাপন কৰা হবঃ বিজেপি


বৰপেটা, ২৪ জুলাই (হি.স.)। এই বাজেট জনকল্যানমূলক বাজেট। ৰাজ্য চৰকাৰৰ পূৰ্বৰ সকলো আচনি পুনৰ আৰম্ভ হব তাক আমি আদৰণি জনাইছো । এই বাজেটে বজালীলৈ দুটা ভাল খবৰ লৈ আহিছে । বজালী জিলা বিজেপিৰ সংবাদমেল । সংবাদমেল সম্বোধন কৰে বজালী জিলা বিজেপিৰ সভাপতি মুকুট কলিতাই। বজালীবাসীয়ে দাবী নকৰাকৈয়ে বজালীত এখন মেডিকেল কলেজ স্থাপন কৰা হব । নিৰ্বাচনৰ প্ৰতিশ্ৰুতি মৰ্মে এই মেডিকেল কলেজ লাভ কৰিলে বজালী বাসীয়ে।

ভট্টদেৱ বিশ্ববিদ্যালয়লৈ পুনৰ ৫০ কোটি টকা আবন্তনৰ প্ৰস্তাৱ প্ৰদান কৰিছে এই বাজেট খনে । এইয়া আমাৰ বজালীবাসীৰ বাবে অত্যন্ত এটা ভাল খবৰ । তাৰ বাবে আমি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছো । এই বাজেট খনে নবপ্ৰজন্মৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ।নতুনকৈ কেইবাখনো আচনি ৰূপায়নৰ ব্যৱস্থা কৰা হৈছে । কৃষিৰ ক্ষেত্ৰতো এই বাজেটে বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে । কৃষকৰ শস্যৰ উৎপাদন বৃদ্ধিৰ প্ৰতি লক্ষ্য দিয়া হৈছে। চিকিৎসা সেৱা উন্নত কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰি চিকিৎসা সেৱা প্ৰদান কৰাৰ বাবে নতুনকৈ পদ সৃষ্টি কৰা হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande