
কামৰূপ, ২৪ জুলাই (হি.স.)। খোৱা পানীৰ নামত বৰ বিহ বিক্ৰী কৰি আছে পেকেজ পানীৰ কোম্পানী সমুহে । শেহতীয়াকৈ বাইহাটা চাৰিআলিৰ সমীপবৰ্তী বৰুৱাজানীত ওলাল পেকেজ পানীৰ বটলৰ ভিতৰত ভেকুৰ জাতীয় সামগ্ৰী । বৰুৱাজানী চ'কত থকা এখন মটৰ চাইকেলৰ গেৰেজৰ গৰাকীয়ে খাবৰ কাৰনে ক্ৰয় কৰিছিল এক কাৰ্টন চিলভাৰ ড্ৰপ পানীৰ বটল ।
কিন্তু খাবলৈ লোৱাৰ সময়তে গেৰেজৰ গৰাকীয়ে লক্ষ্য কৰিলে বটলৰ ভিতৰত কিছুমান গুড়ি গুড়ি পদাৰ্থ ।এই ক্ষেত্ৰত দোকান খনৰ গৰাকীক অবগত কৰাত পানীৰ বটল ক্ৰয় কৰা দোকান খনৰ গৰাকীয়ে সম্পৰ্ণ অপাৰগতা প্ৰকাশ কৰে আৰু ডিষ্ট্ৰিবিউটৰক এই বিষয়ে অভিযোগ দাখিল কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা