তামাৰহাটৰ বৰুণডাঙ্গাত দাউ দাউ কৈ জ্বলি উঠিল চলন্ত বাইক
তামাৰহাটৰ বৰুণডাঙ্গাত অঘটন।
তামাৰহাটৰ বৰুণডাঙ্গাত দাউ দাউ কৈ জ্বলি উঠিল চলন্ত বাইক


ধুবুৰী, ২৪ জুলাই (হি.স.): ধুবুৰী জিলাৰ তামাৰহাটৰ বৰুণডাঙ্গাত যোৱা কালি বৃহস্পতিবাৰে নিশা এক অঘটন সংঘটিত হয় । চলন্ত বাইকত দাউ দাউ কৈ জ্বলি উঠিল জুই । যান্ত্ৰিক বিজুতিৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ।

ইফালে ঘটনাটোত দৈৱক্ৰমে ৰক্ষা পৰিল মটৰ চাইকেলৰ গৰাকী। ১২৭ বি ৰাষ্ট্ৰীয় ঘাইপথেদি গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা । স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰে যদিওঁ মটৰ চাইকেল খন সম্পূৰ্ণ ৰূপে ধ্বংস হয় । এই ঘটনাক কেন্দ্ৰ কৰি পথাচাৰীৰ মাজত সৃষ্টি হয় কৌতুহলৰ।ঘটনাস্থলীত পাগলাহাট আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande