
স্বাস্থ্যসেৱা অধিক ফলপ্ৰসূ কৰিবলৈ বিধায়কসকলৰ সহযোগিতা কামনা স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ
গুৱাহাটী, ২৪ জুলাই (হি.স.)। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত আজি দিছপুৰস্থিত অসম বিধানসভাৰ জি এন বি ভৱন প্ৰেক্ষাগৃহত ৰাজ্যৰ মাননীয় বিধায়কসকলৰ বাবে এক সজাগতা সভা অনুষ্ঠিত হয়। ৰাজ্যৰ বিভিন্ন জনস্বাস্থ্য কাৰ্যসূচী, ৰোগ প্ৰতিৰোধমূলক ব্যৱস্থা আৰু চৰকাৰে ৰূপায়ণ কৰি থকা স্বাস্থ্য আঁচনিসমূহৰ বিষয়ে জনপ্ৰতিনিধিসকলক অধিক অৱগত কৰাৰ উদ্দেশ্যে এই সভাৰ আয়োজন কৰা হয়।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ বিশেষ কৰ্তব্যৰত বিষয়া লখিমী দত্তই আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ড° পি. অশোক বাবুয়ে আদৰণি ভাষণ আগবঢ়াই ৰাজ্যৰ স্বাস্থ্য খণ্ডত ৰূপায়ণ হৈ থকা বিভিন্ন জনকল্যাণমূলক পদক্ষেপৰ সফল বাস্তৱায়নত জনপ্ৰতিনিধিসকলৰ সক্ৰিয় সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।
ইয়াৰ পিছত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মিছন সঞ্চালক ড° লক্ষ্মণন এছে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মুখ্য স্বাস্থ্য কাৰ্যসূচীসমূহৰ অগ্ৰগতি, সফলতা আৰু ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে । তেওঁ উপস্থাপনত 'টিবি মুক্ত ভাৰত' অভিযান, স্কুল হেল্থ ক্লাব গঠন, শিশু আৰু মাতৃ মৃত্যুৰ হাৰ হ্ৰাসৰ বাবে গৃহীত পদক্ষেপ, ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন স্বাস্থ্য আঁচনি, স্বাস্থ্য মেগা কেম্পসমূহৰ ফলাফল, জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া আৰু ডেংগু প্ৰতিৰোধমূলক ব্যৱস্থা, লগতে এইডছ ৰোগৰ সজাগতা আদি বিষয় সামৰি ধৰা হয়। লগতে ৰাজ্যজুৰি স্বাস্থ্যসেৱা অধিক সহজলভ্য, গুণগত আৰু জনমুখী কৰি তোলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও বিধায়কসকলক অৱগত কৰা হয়।
সভাত উপস্থিত থাকি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী অশোক সিংহল-এ কয় যে,স্বাস্থ্যৰ উন্নয়ন কেৱল স্বাস্থ্য বিভাগৰ দায়িত্ব নহয়; ইয়াত জনপ্ৰতিনিধিসকলৰ সক্ৰিয় ভূমিকা সমানেই গুৰুত্বপূৰ্ণ। তেওঁ বিধায়কসকলক নিজ নিজ সমষ্টিত স্বাস্থ্যসচেতনতা বৃদ্ধি, চৰকাৰী স্বাস্থ্য আঁচনিৰ প্ৰচাৰ আৰু জনসাধাৰণক স্বাস্থ্যসেৱা গ্ৰহণৰ বাবে উৎসাহিত কৰিবলৈ আহ্বান জনায়। মন্ত্ৰী অশোক সিংহলে সভাত ভাষণ প্ৰদান কৰি আয়ুষ্মান ভাৰত, স্নেহ স্পৰ্শ আঁচনি, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত উপলব্ধ বিভিন্ন বিশেষায়িত স্বাস্থ্যসেৱা, যক্ষ্মা নিৰ্মূল কাৰ্যসূচী আদি বিষয়ত বিশদভাৱে আলোকপাত কৰে । তেওঁ এই স্বাস্থ্যসেৱা আৰু জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক অধিক সজাগ কৰি তোলাৰ ক্ষেত্ৰত বিধায়কসকলক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।
তেওঁ লগতে ৰাজ্যৰ সকলো বিদ্যালয়ত গঠন কৰিবলগীয়া স্বাস্থ্য ক্লাবসমূহ সফলভাৱে গঢ়ি তোলাৰ ক্ষেত্ৰত বিধায়কসকলৰ সহযোগিতা কামনা কৰে। তেওঁৰ মতে, বিদ্যালয় পৰ্যায়তে স্বাস্থ্যসচেতনতা গঢ়ি তোলাৰ জৰিয়তে ভৱিষ্যৎ প্ৰজন্মক সুস্থ আৰু সচেতন নাগৰিক হিচাপে গঢ়ি তোলা সম্ভৱ হ'ব । ইয়াৰ উপৰিও স্বাস্থ্য খণ্ডৰ বিভিন্ন আঁচনিৰ ৰূপায়ণ, অগ্ৰগতি আৰু প্ৰত্যাহ্বানসমূহ নিয়মীয়াকৈ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিধায়কসকলৰ সৈতে প্ৰতি তিনি মাহৰ অন্তৰে এক যৌথ সভা অনুষ্ঠিত কৰাৰ পোষকতা কৰি তেওঁ এই ব্যৱস্থাই সমন্বয় আৰু জনমুখী স্বাস্থ্যসেৱা অধিক শক্তিশালী কৰি তুলিব বুলি মত প্ৰকাশ কৰে ।
অনুষ্ঠানৰ অন্তত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ড° লক্ষ্মণন এছএ শলাগৰ শৰাই আগবঢ়াই সকলো অংশগ্ৰহণকাৰীক ধন্যবাদ জ্ঞাপন কৰে । আজিৰ আজি সভাত অসম বিধানসভাৰ উপাধ্যক্ষ হাব্বে টেৰণ, অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী ৰামেশ্বৰ তেলী, মীন মন্ত্ৰী নীলিমা দেৱী লগতে অসম বিধানসভাৰ বহু কেইজন বিধায়ক উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী