
গুৱাহাটী, ২৪ জুলাই (হি.স.)। শিৱসাগৰ আৰু চৰাইদেউ জিলাত সংঘটিত প্ৰলয়ংকৰী বানত আক্রান্ত সকলৰ সা-সম্পত্তিৰ লগতে বহু ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীৰ শিক্ষাগত, পৰিচয় আৰু অন্যান্য গুৰুত্বপূৰ্ণ নথিপত্ৰও ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যৰ উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই এই বিষয়টো লৈ আজি শিৱসাগৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাসকে ধৰি ৰাজ্যিক সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
বৈঠকত বানত ক্ষতিগ্ৰস্ত হোৱা ছাত্ৰ-ছাত্ৰী আৰু যুৱক- যুৱতীসকলৰ প্ৰয়োজনীয় নথিপত্ৰসমূহ সংশ্লিষ্ট বিভাগসমূহৰ সহযোগত পুনৰুদ্ধাৰ বা পুনৰ প্ৰস্তুত কৰাৰ বাবে দ্ৰুত আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ যুৱ মৰ্চাৰ নেতৃবৃন্দক মন্ত্রী বড়াই পৰামৰ্শ আগবঢ়ায়। দুৰ্যোগৰ এই কঠিন সময়ত যাতে এজনো শিক্ষাৰ্থী বা যুৱক-যুৱতী কেৱল নথিপত্ৰ হেৰুওৱাৰ বাবে অসুবিধাৰ সন্মুখীন নহয়, সেই লক্ষ্যৰে সকলো স্তৰত সমন্বয় সাধন কৰি কামত অগ্ৰসৰ হোৱাৰ বাবেও যুৱ মৰ্চাৰ বিষয় ববীয়া সকলক মন্ত্রী বড়াই পৰামৰ্শ প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া