
গুৱাহাটী, ২৪ জুলাই (হি.স.)। অবিৰত বৰষুণৰ ফলত অসমৰ বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি ২৩ জুলাইত ৰাজ্যখনত আৰু ৬ গৰাকী লোকৰ মৃত্যু হোৱাত মুঠ মৃতকৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি পাইছে । অসমত বিপদৰ চিহ্নৰ ওপৰেৰে বৈ যোৱা নদীসমূহৰ ভিতৰত বুঢ়ীদিহিং (চেনিমাৰী, খোৱাং), দিছাং (নাংলামুৰঘাট), দিখৌ (শিৱসাগৰ), ধনশিৰি (নুমলীগড়), আৰু কুশিয়াৰা আদি উল্লেখযোগ্য (শ্ৰীভূমি)।
মন কৰিবলগীয়া যে যোৱা বৃহস্পতিবাৰে নিশা হোৱা প্ৰবল বৰষুণৰ ফলত গুৱাহাটীৰ দ অঞ্চলসমূহত কৃত্ৰিম বানপানীৰ সৃষ্টি হয় । পথৰ ওপৰত ব্য়াপকৰূপত পানী জমা হোৱাৰ বাবে যাতায়ত ব্যাহত হৈ পৰাৰ লগতে বিভিন্ন অঞ্চলত দীৰ্ঘসময় ধৰি যান-জঁটৰ সৃষ্টি হয়। গুৱাহাটীৰ বিভিন্ন প্ৰান্তত আজিও দেখা গৈছে কৃত্ৰিম বানৰ প্ৰভাৱ।
ইফালে বানাক্ৰান্ত শিৱসাগৰ, চৰাইদেউ, আৰু যোৰহাট জিলাসমূহ ব্যক্তিগতভাৱে পৰিদৰ্শন কৰাৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বানপানীৰ পিছৰ দ্বিতীয় দিনা বৃহস্পতিবাৰে গোলাঘাট আৰু ডিব্ৰুগড় জিলাৰ সাহায্য শিবিৰ আৰু ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে । তেওঁ ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰি সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে । আনহাতে অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা, কেশৱ মহন্ত, অজন্তা নেওগ, অতুল বৰা, আৰু বিধায়কসকলে ধাৰাবাহিকভাৱে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি ৰাইজক সাহায্য প্ৰদান কৰি আছে।
ৰাজ্য়ত মুঠ ১১খন জিলা বানত ক্ষতিগ্ৰস্ত হৈছে: গোলাঘাট, হোজাই, কামৰূপ, চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ, নগাঁও, কামৰূপ (মেট্ৰ'), কাৰ্বি আংলং আৰু তিনিচুকীয়া । এই ১১ খন জিলাৰ ৩৭ টা ৰাজহ সংমণ্ডলৰ মুঠ ৮৮৩ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে । ৰাজ্যৰ মুঠ ৭,২১,০২৪ জন লোক বানপানীৰ ফলত প্ৰভাৱিত হৈছে আৰু ২৫,৩৭৫,৪৪৩ হেক্টৰ কৃষিভূমি ডুব গৈছে।
ৰাজ্য চৰকাৰে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে ১০৩টা সাহায্য শিবিৰ আৰু ২৫৫টা সাহায্য বিতৰণ কেন্দ্ৰকে ধৰি মুঠ ৩৫৮টা শিবিৰ স্থাপন কৰিছে। বৰ্ণাত্য় ২৪,১২৪ জন লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ থকাৰ বিপৰীতে ২৩৯,৮৬৪ জন অশিবিৰ বাসিন্দাই সাহায্য বিতৰণ কেন্দ্ৰত সাহায্য লাভ কৰি আছে।
উল্লেখ্য় যে ২৩ জুলাইত চৰাইদেউৰ দুটা আৰু শিৱসাগৰৰ চাৰিটাকে ধৰি বানপানীৰ পৰা ৬টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল। বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা মুঠ জীৱ-জন্তুৰ সংখ্যা হৈছে ৩,৭১,৬০৯টা, য’ত ১,১০,৩৯৩টা ডাঙৰ জীৱ-জন্তু, ৭৮,১০৭টা সৰু জীৱ-জন্তু, আৰু ১,৮৩,১০৯টা হাঁহ-কুকুৰাৰ জীৱ-জন্তু আছে। ইফালে, যোৰহাট জিলাৰ ২৩টা আৰু চৰাইদেউ জিলাৰ ১৩১টাকে ধৰি মুঠ ১৫৪টা জীৱ-জন্তু বাঢ়নী পানীয়ে উটুৱাই লৈ যায়।
এছডিআৰএফ, ডিডিআৰএফ, এনডিআৰএফ, আৰক্ষী, অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা (এফ এণ্ড ই এছ), চক্ৰ কাৰ্যালয়/স্থানীয় প্ৰশাসন, অসামৰিক প্ৰতিৰক্ষা/প্ৰশিক্ষিত স্বেচ্ছাসেৱক, আৰু অগ্নিনিৰ্বাপক বিভাগে বান সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। বৃহস্পতিবাৰেও ৮টা কেঁচা ঘৰৰ আংশিক ক্ষতিসাধন হয়।
ইফালে ৰাজ্য চৰকাৰে বানাক্ৰান্ত অঞ্চলত মুঠ ১৭৩টা চিকিৎসা দল মোতায়েন কৰে । আঠখন নাও সাহায্য অভিযানত নিয়োজিত হৈছিল । বানপানীত আবদ্ধ হৈ থকা ৪৪৫৫ জন লোকক নাৱেৰে উদ্ধাৰ কৰা হয় । নাৱেৰে পাঁচটা জীৱ-জন্তুকো নিৰাপদ স্থানলৈ লৈ যোৱা হয়। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাত সাহায্য কামৰ বাবেও এখন হেলিকপ্টাৰ নিয়োগ কৰা হয় ।
ৰাজ্য চৰকাৰে বানপীড়িত লোকৰ মাজত চাউল (কুইণ্টলত): ২৫৩৯.৫২৩, দালি (কুইণ্টলত): ৫৫১.৩৮৩, নিমখ (কুইণ্টলত): ১০৭.০১৬৫, সৰিয়হৰ তেল (লিটাৰত): ৮৬২০.৯২, গৰু খাদ্য - ঘেঁহুৰ চাপৰ (কুইণ্টলত): ২০৮৯.৫৭ আৰু গৰুৰ খাদ্য - ধানৰ মল (কুইণ্টলত): ৪১.০২ বিতৰণ কৰিছে ।
বানপানীৰ ফলত পথ, দলং আৰু অন্যান্য আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন হৈছে । বাজেট অধিৱেশনত এই বিষয়ত চৰকাৰৰ সৈতে আলোচনাৰ দাবী জনাইছে বিৰোধীয়ে । ইফালে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাসে সদনত অতি সোনকালে বান সন্দৰ্ভত বিস্তৃত আলোচনা অনুষ্ঠিত হ’ব বুলি প্ৰকাশ কৰিছে ।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ