অসম সাহিত্য সভাৰ দ্বাৰা বান সাহায্য প্ৰদান
শোণিতপুৰ, ২৪ জুলাই (হি.স.)। ৰাজ্য়ৰ সাম্প্ৰতিক বানপানীৰ পৰিপ্ৰেক্ষিতত বৰ্ণাত্য়ৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে অসম সাহিত্য় সভা। অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্তকুমাৰ গোস্বামীৰ নেতৃত্বত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ এটা দলে আজি গোলাঘাট জিলাৰ বলিয়া
অসম সাহিত্য সভাৰ দ্বাৰা বান সাহায্য প্ৰদান


শোণিতপুৰ, ২৪ জুলাই (হি.স.)। ৰাজ্য়ৰ সাম্প্ৰতিক বানপানীৰ পৰিপ্ৰেক্ষিতত বৰ্ণাত্য়ৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে অসম সাহিত্য় সভা। অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্তকুমাৰ গোস্বামীৰ নেতৃত্বত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ এটা দলে আজি গোলাঘাট জিলাৰ বলিয়াটি আৰু গোৱালগাঁও অঞ্চলৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি খোৱাপানীৰ বটল, অ’ আৰ এছ, বিস্কুট, খাদ্য সামগ্ৰী যেনে চিড-মুৰি, চাবোন, ঔষধ, প্ৰায় তিনিশ বানাক্ৰান্ত লোকৰ মাজত মহ বিকৃত ধূপ, মোম, জুইশলা আদি। সভাৰ সভাপতি ড০ বসন্তকুমাৰ গোস্বামীয়ে বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ দুখৰ ভাগ বতৰা কৰে।

উভতি অহাৰ পথত দলটোৱে যোৰহাট জিলাৰ শালমৰা আৰু চেঙেলিয়াটী অঞ্চলত আংশিক সাহায্য বিতৰণ কৰে। সাহায্য বিতৰণ কাৰ্যসূচীত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ড° জ্যোতিৰেখা হাজৰিকা, মুখ্য সম্পাদক অশোক কুমাৰ সেনাপতি, বিশিষ্ট সাহিত্য কৰ্মী ড° ৰিনি পাঠক, প্ৰাচ্য বিদ্যৰ্ণৱৰ সমন্বয়ক ড° মহেশ্বৰ নেওগ অসমতত্ত্ব গৱেষণা প্ৰতিষ্ঠান ড° ৰাজশ্ৰী হাজৰিকা, অসম সাহিত্য সভা মুক্তৰ সমন্বয়ক ড° ৰাজশ্ৰী হাজৰিকা উপস্থিত থাকে শিক্ষা সংগসাদ স্মৃতিৰেখা বৰা, বিশিষ্ট সাংবাদিক বিৰাজ বৰুৱা, কেন্দ্ৰীয় কাৰ্যালয়ৰ কৰ্মচাৰী জিতু চহৰীয়া আৰু নৱজ্যোতি দত্ত উপস্থিত থাকে ।

উল্লেখযোগ্য যে অসম সাহিত্য সভাৰ বহু শুভাকাংক্ষীয়ে সম্পাদক, মুখ্য সম্পাদক, কোষাধ্যক্ষ মণিৰাম লাহন, কাৰ্যালয়ৰ কৰ্মচাৰী, আইন উপদেষ্টা জয়ন্ত দেৱশৰ্মা, ডাঃ ৰিনি পাঠক, বিশিষ্ট চিকিৎসক ডাঃ চন্দ্ৰ বৰা, বৃজেশ পোদ্দাৰ, অমিত মহতা, মুক্ত শিক্ষা সংগছৰ প্ৰাক্তন ছাত্ৰ পোলিবৰুৱা, ৰাহুল সিংহী, গীতালী বুঢ়াগোহাঁই, গোলাঘাটৰ ৰিতেশ পোদ্দাৰ আদিয়ে বান সাহায্যৰ বাবে বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী আগবঢ়ায়।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande