
যোৰহাট, ২৪ জুলাই (হি.স.)। টীয়কত বানাক্ৰান্তৰ কাষত অভিনেতা যতীন বৰা। সাহায্য প্ৰদান কৰি এই দুৰ্যোগৰ পৰা অতি সোণকালে ৰাজ্যবাসীক উদ্ধাৰ কৰিবলৈ ঈশ্বৰক জনালে প্ৰাৰ্থনা।
কি নগৰ কি চহৰ,সমগ্ৰ টীয়ক এতিয়া বানৰ কবলত।এয়া টীয়কৰ জগদুৱাৰ সোনাৰী গাঁৱৰ পৰিবেশ। অসমৰ জনপ্ৰিয় অভিনেতা উক্ত স্থানত উপস্থিত হৈ বানাক্ৰান্তৰ বাবে সাধ্য অনুসৰি অনা খাদ্য সামগ্ৰী বিতৰণ কৰে আৰু এই দুৰ্যোগৰ পৰা সকলোকে উদ্ধাৰ কৰিবলৈ নেদেখা জনৰ চৰণত প্ৰাৰ্থনা জনায়।উল্লেখযোগ্য যে ৰাজ্যৰ এই পৰিবেশ দেখি অভিনতাগৰাকী যথেষ্ট মৰ্মাহত হৈছে বুলি মন্তব্য কৰি এই বিপদৰ সময়ত ৰাইজক এষাৰ মাত দিয়াৰ লগতে শিল্পী হিচাপে নিজৰ দায়িত্ব পালনৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি কয়। ইপিনে সোনাৰী গাঁৱৰ সমান্তৰালকৈ টীয়কৰ ৰজাবাৰী,জাঁজীমুখ আদি অঞ্চলৰ বানাক্ৰান্তৰ কাষলৈও যাব বুলি জনাইছে অভিনেতা যতীন বৰাই।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু