
শোণিতপুৰ, ২৪ জুলাই (হি.স.)। শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত-তথা-প্ৰধান লোকপিয়ল বিষয়া আনন্দ কুমাৰ দাসে জিলাখনৰ সকলো ৰাইজক লোকপিয়ল ২০২৭ৰ বাবে স্ব-গণনা (Self-Enumeration) প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। আয়ুক্ত গৰাকীয়ে সকলোকে স্ব-গণনা (SE) পৰ্টেলৰ জৰিয়তে অনলাইনযোগে নিজ নিজ পৰিয়ালৰ তথ্য দাখিল কৰিবলৈ অনুৰোধ জনায়।
উল্লেখযোগ্য যে, লোকপিয়ল ২০২৭ৰ অধীনত গৃহ তালিকা (হাউছ লিষ্টিং অপাৰেচন)ৰ অংশ হিচাপে এই পৰ্টেল প্ৰৱৰ্তন কৰা হৈছে, যাতে লোকপিয়ল গণনাকাৰী সকলে ঘৰে ঘৰে যোৱাৰ পূৰ্বে পৰিয়াল সমূহে নিজে ডিজিটেলভাৱে লোকপিয়লৰ তথ্য দাখিল কৰিব পাৰে। স্ব-গণনা পৰ্টেল ২ আগষ্টৰ পৰা ১৬ আগষ্ট, ২০২৬লৈ মুঠ ১৫ দিন খোলা থাকিব। নাগৰিকসকলেhttps://se.census.gov.in-তউপলব্ধ স্ব-গণনা (SE) পৰ্টেল ব্যৱহাৰ কৰি এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব। এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় কাৰ্যসূচীত এই পৰ্টেলৰ জৰিয়তে অনলাইন অংশগ্ৰহণৰ বাবে এক সহজ, সুৰক্ষিত আৰু সুবিধাজনক ব্যৱস্থা প্ৰদান কৰা হৈছে। জিলা আয়ুক্ত গৰাকীয়ে জিলাখনৰ বিভিন্ন বিভাগ, প্ৰতিষ্ঠান আৰু কাৰ্যালয়ত কৰ্মৰত সকলো চৰকাৰী বিষয়া-কৰ্মচাৰীক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নিজ নিজ স্ব-গণনা সম্পূৰ্ণ কৰি তেওঁলোকক এই ডিজিটেল ব্যৱস্থাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ উপৰি নিজৰ সহকৰ্মী, পৰিয়ালৰ সদস্য, ওচৰ-চুবুৰীয়া আৰু সৰ্বসাধাৰণ ৰাইজকো স্ব-গণনা প্ৰক্ৰিয়াত অশংগ্ৰহণেৰে উৎসাহিত কৰিবলৈ আহ্বান জনাইছে।
চৰকাৰী কৰ্মচাৰীসকলে সৰ্বসাধাৰণ ৰাইজৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি মন্তব্য কৰি আয়ুক্ত শ্ৰী দাসে কয় যে, তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণে অধিক সংখ্যক লোকক এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিব আৰু এক সুচল, স্বচ্ছ আৰু প্ৰযুক্তিনিৰ্ভৰ লোকপিয়ল প্ৰক্ৰিয়া সফলভাৱে ৰূপায়ণ কৰাত উল্লেখযোগ্য অৰিহণা যোগাব। ইয়াৰ উপৰি, জিলা প্ৰশাসনে সকলো বিভাগৰ মুৰব্বীসকলক নিজ নিজ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ মাজত স্ব-গণনা প্ৰক্ৰিয়াৰ বিষয়ে ব্যাপকভাৱে প্ৰচাৰ চলাবলৈ, প্ৰয়োজন অনুসৰি প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ আৰু নিজ নিজ প্ৰতিষ্ঠানৰ অধীনত সৰ্বাধিক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ অনুৰোধ জনাইছে। লগতে জিলা প্ৰশাসনে শোণিতপুৰ জিলাৰ প্ৰতিটো যোগ্য পৰিয়ালক এই ডিজিটেল সুবিধাৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰি ভাৰতৰ লোকপিয়ল ২০২৭ সফলভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ