২৫ আৰু ২৬ জুলাইত নগাঁও-মৰিগাঁৱত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি সভা: বান সমস্যা, শিক্ষা ব্যৱস্থাৰ অনিয়মক লৈ হ'ব আলোচনা
গুৱাহাটী, ২৪ জুলাই (হি.স.)। অহা ২৫ আৰু ২৬ জুলাইত নগাঁও আৰু মৰিগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দুখন গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব। এই সভা দুখনত ৰাজ্যৰ বৰ্তমানৰ জ্বলন্ত সমস্যাসমূহৰ লগতে দলীয় ৰণনীতি সম্পৰ্কে বিস্তৃতভ
২৫ আৰু ২৬ জুলাইত নগাঁও-মৰিগাঁৱত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি সভা: বান সমস্যা, শিক্ষা ব্যৱস্থাৰ অনিয়মক লৈ হ'ব আলোচনা


গুৱাহাটী, ২৪ জুলাই (হি.স.)। অহা ২৫ আৰু ২৬ জুলাইত নগাঁও আৰু মৰিগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দুখন গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব। এই সভা দুখনত ৰাজ্যৰ বৰ্তমানৰ জ্বলন্ত সমস্যাসমূহৰ লগতে দলীয় ৰণনীতি সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হ’ব।

সভাত মূলতঃ অসম বিধানসভাত ৰাজ্যৰ জ্বলন্ত সমস্যা আৰু উন্নয়নমূলক কাম-কাজ সন্দৰ্ভত বিৰোধী দলপতি আৰু বিধায়কসকলে কেনেধৰণৰ বিষয় উত্থাপন কৰিছে আৰু সেইসমূহে ৰাইজৰ মাজত কেনে চৰ্চা লাভ কৰিছে, সেই বিষয়ে বিশদ পৰ্যালোচনা চলোৱা হ’ব। ইয়াৰ উপৰি, ৰাজ্যৰ শেহতীয়া ভয়াৱহ বান পৰিস্থিতিৰ সময়ত চৰকাৰীভাৱে যিদৰে উদ্ধাৰকাৰ্য আৰু সাহায্য বিতৰণ কৰিব লাগিছিল, সেয়া নোহোৱাৰ বিষয়টোক লৈ চৰকাৰক কেনেদৰে জবাবদিহি কৰা হ’ব, সেই সন্দৰ্ভতো প্ৰতিনিধি সভাত বিশেষ ৰণনীতি গ্ৰহণ কৰা হ’ব।

একেদৰে বানাক্ৰান্ত ৰাইজৰ দুৰ্দশা লাঘৱ কৰিবলৈ কংগ্ৰেছ দলৰ কৰণীয় পদক্ষেপসমূহৰ বিষয়েও আলোচনাত গুৰুত্ব আৰোপ কৰা হ’ব। ইফালে, সমগ্ৰ দেশজুৰি শিক্ষা ব্যৱস্থাত সৃষ্টি হোৱা অৰাজকতা আৰু অনিয়মক লৈয়ো সভাত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ’ব। বিশেষকৈ নীটকে ধৰি সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সংঘটিত পেপাৰ লিক আৰু বিসংগতিৰ বিৰুদ্ধে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে আৰম্ভ কৰা সংগ্ৰাম আৰু শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ বাবে সত্য তথ্য উদঘাটন কৰাৰ যি প্ৰচেষ্টা চলাইছে, সেই সন্দৰ্ভতো সভাত বিশদভাৱে আলোচনা কৰা হ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande