
তামুলপুৰ, ২৪ জুলাই (হি.স.)। নাওকাটা আঞ্চলিক শ্ৰীশ্ৰী বিষ্ণু ধামৰ প্ৰতিষ্ঠা দিৱস পালন।
নাওকাটা আঞ্চলিক শ্ৰীশ্ৰী বিষ্ণু ধামৰ ৩৯ সংখ্যক বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় ।
পুৱাৰে পৰা ভাগৱত পাঠ আৰু মহিলা নাগাৰা নামৰ ভক্তি ৰসৰ মাজেৰে ভক্ত সকল এক আধ্যাত্মিক পৰিবেশত একত্ৰিত হৈ পৰে ।
ভকত যদু পাটোৱাৰীৰ ভাগৱত পাঠ চক্ৰৰ আলোচনা কৰে ভকত প্ৰভাত বড়ো আৰু বৈষ্ণৱ বিপিন পাঠকে ।
অনুষ্ঠানত পুৱা পতাকা উত্তোলন কৰে ধাম পৰিচালনা সমিতিৰ সভাপতি প্ৰমোদ শৰ্মাই ।
ইয়াৰ পিচতে স্মৃতি তৰ্পণ কৰে প্ৰাক্তন সভাপতি মানিক কুমাৰ, উপ সভাপতি তৰণী কলিতা আৰু প্ৰাক্তন সভাপতি মানিক কুমাৰে ।
সম্পাদক শৰৎ কুমাৰে আতধৰা অনুষ্ঠানটিত শলাগৰ শৰাই আগবঢ়াই ভকত সত্য ৰাম কলিতাই ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু