
কামৰূপ, ২৩ জুলাই (হি.স.)। কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আল্টা আৰু আজাৰা পথাৰত বণিক গোষ্ঠীয়ে ভূমি ক্ৰয় কৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কমলপুৰ মৰোৱা গড়কাপ্তানী পথৰ দাঁতিত থকা কৃষি ভূমি স্থানীয় একাংশ কৃষকৰ পৰা তাজ গ্ৰুপ নামৰ গোষ্ঠীটোৱে ক্ৰয় কৰা প্ৰক্ৰিয়া আৰম্ভ কৰাত গঞা ৰাইজ উদ্বিগ্ন হৈ পৰিছে। প্ৰাপ্ত তথ্য মতে জনৈক মিট্টালে তাজ চিমেণ্ট মেনুফেকচাৰিং কোম্পানীৰ নামত পথাৰৰ ভূমি ক্ৰয় কৰিছে ।
উল্লেখ্য যে পট্টা দাৰে বিক্ৰী কৰা ভূমি কোনো ব্যৱসায়ীয়ে ক্ৰয় কৰি ব্যৱসায়িক কামত ব্যৱহাৰ কৰিলে তাত আপত্তি কৰিবলগীয়া কোনোকাৰণ নাথাকিলেও অঞ্চলটোত ইতিমধ্যে স্থাপন কৰা কেইবাটাও প্ৰদূষিত উদ্যোগে জ্বলা কলা খুৱাইছে কমলপুৰ ৰাজহ চক্ৰৰ এলেকাৰ কেবাখনো গাঁৱৰ বাসিন্দাসকলক। গ্ৰাম্য অঞ্চলত স্থাপিত এই উদ্যোগসমূহে সংস্থাপনৰ বাট মুকলি কৰিছে যদিও সমান্তৰালভাৱে ভু জলৰ অবাধ ব্যৱহাৰ আৰু উদ্যোগে জন্ম দিয়া প্ৰদূষিত পৰিৱেশে ভবিষ্যতক লৈ শংকিত কৰি ৰাখিছে স্থানীয় বাসিন্দাক। তেনে সময়তে আল্টা আৰু আজাৰা পথাৰত তাজ চিমেণ্ট মেনুফেকচাৰিং কোম্পানীৰ নামত ভূমি ক্ৰয়- বিক্ৰয় হোৱা খবৰে গাওঁবাসীক চিন্তান্বিত কৰি তুলিছে। যদিহে জনবসতিপূৰ্ণ আৰু কৃষি পথাৰত এলেকাত চিমেণ্ট বা চিমেণ্ট জাতীয় উদ্যোগ স্থাপন কৰে তেতিয়াহলে অদূৰ ভৱিষ্যতে অঞ্চলটোৰ কেবাশতাধিক পৰিয়ালে নিজৰ ঘৰ-বাৰী এৰি অন্যঠাইলৈ যাবলগীয়া হ’ব আৰু এনে আশংকা অৱধাৰিতভাবে গাওঁবাসীৰ মাজত বৃদ্ধি পাইছে।
স্থানীয় ৰাইজ, দল- সংগঠনৰ সংবাদ মাধ্যমৰ যোগেদি প্ৰশাসনলৈ আহ্বান --ভুমি ক্ৰয় কৰা তাজ কতৃপক্ষই স্পষ্ট কৰক আল্টা আজাৰা পথাৰত কি ধৰণৰ কাম কৰিব। উদ্যোগীকৰণৰ বিৰোধিতা নকৰা অঞ্চলবাসীয়ে কামৰূপ জিলাৰ উপায়ুক্তই বিষয়টোত হস্তক্ষেপ কৰি ৰাইজক স্পষ্ট বাৰ্তা দিয়াৰ বাবে আহ্বান জনাইছে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা