গোলকগঞ্জত পগলা কুকুৰৰ উপদ্ৰৱৰ ফলত তীব্ৰ আতংকৰ সৃষ্টি
গোলকগঞ্জত পগলা কুকুৰৰ উপদ্ৰৱে তীব্ৰ আতংকৰ সৃষ্টি কৰিছে।
গোলকগঞ্জত পগলা কুকুৰৰ উপদ্ৰৱৰ ফলত তীব্ৰ আতংকৰ সৃষ্টি


ধুবুৰী, ২৩ জুলাই (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জত পগলা কুকুৰৰ উপদ্ৰৱে তীব্ৰ আতংকৰ সৃষ্টি কৰিছে । যোৱা কালি বুধবাৰে সন্ধিয়া পগলা কুকুৰৰ আক্ৰমণত শিশু সহ প্ৰায় ২০ জন লোক গুৰুতৰ আহত হৈছে । আহত সকলোকে প্ৰাথমিক চিকিৎসাৰ পিছত উন্নত চিকিৎসাৰ বাবে ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।

ঘটনাৰ পিছত গোলকগঞ্জ পৌৰসভা আৰু পশু চিকিৎসা বিভাগৰ ভূমিকাক লৈ ক্ষোভ প্ৰকাশ কৰিছে আহত ব্যক্তিসকলৰ লগতে স্থানীয় ৰাইজে। এতিয়ালৈকে ত্ৰাসৰ সৃষ্টি কৰা পগলা কুকুৰটোক চিনাক্ত বা আটক কৰিবলৈ সক্ষম হোৱা নাই সংশ্লিষ্ট বিভাগ । ফলত সমগ্ৰ অঞ্চলটোত আতংকৰ পৰিৱেশ বিৰাজ কৰিছে । প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, কুকুৰটোৱে অতৰ্কিতে পথচাৰীৰ ওপৰত জপিয়াই পৰি আক্ৰমণ চলাইছে । স্থানীয় ৰাইজে গোলকগঞ্জ পৌৰসভা আৰু পশু চিকিৎসা বিভাগক অতি সোনকালে পগলা কুকুৰটোক চিনাক্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে।যাতে আৰু কোনো লোক এনে আক্ৰমণৰ বলি নহয় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande