কামপুৰ বুন্দুৰাত বিষাক্ত সৰ্প দংশনত ১১ বছৰীয়া কিশোৰীৰ মৃত্যু
নগাঁও, ২৩ জুলাই (হি.স.)। নগাঁও জিলাৰ কামপুৰ বুন্দুৰাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বুন্দুৰাত বিষাক্ত সৰ্প দংশনত এগৰাকী ১১ বছৰীয়া কিশোৰীৰ মৃত্যু হৈছে ৷ জানিব পৰামতে, বুধবাৰে সন্ধিয়া নিজা বাসগৃহতে বিষাক্ত সৰ্পই দংশন কৰে কিশোৰী গৰাকীক ৷ ততাতৈয়াকৈ কি
কামপুৰ বুন্দুৰাত বিষাক্ত সৰ্প দংশনত ১১ বছৰীয়া কিশোৰীৰ মৃত্যু


নগাঁও, ২৩ জুলাই (হি.স.)। নগাঁও জিলাৰ কামপুৰ বুন্দুৰাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বুন্দুৰাত বিষাক্ত সৰ্প দংশনত এগৰাকী ১১ বছৰীয়া কিশোৰীৰ মৃত্যু হৈছে ৷

জানিব পৰামতে, বুধবাৰে সন্ধিয়া নিজা বাসগৃহতে বিষাক্ত সৰ্পই দংশন কৰে কিশোৰী গৰাকীক ৷ ততাতৈয়াকৈ কিশোৰী গৰাকীক নগাঁও মেডিকেল কলেজ হস্পিতাললৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷

মৃত কিশোৰী গৰাকীক বুন্দুৰা গাঁৱৰ হিয়ামণি পাটৰ বুলি জানিব পৰা গৈছে ৷ বানপানীৰ সময়তে এই ঘটনা সংঘটিত হৈছে। সৰ্প দংশনত কিশোৰী গৰাকীৰ মৃত্যু হোৱাৰ ঘটনাই অঞ্চলটো শোকদগ্ধ কৰি তোলে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande