বানপানীৰ পিছত নুমলীগড়ৰ ডাউন টাউনৰ কদৰ্যময় অৱস্থা
গোলাঘাট, ২৩ জুলাই (হি.স.)। ৰাজ্য়ত শেহতীয়া বানপানীয়ে জনসাধাৰণক যথেষ্ট আহুকালত পেলাইছে। সমান্তৰালকৈ বাঢ়নী পানীৰ দুৰ্যোগৰ পাছত এতিয়া পানী শুকুওৱ ঠাইসমূহৰ অৱস্থা কদৰ্যময় হৈ পৰিছে। গোলাঘাট জিলাৰ নুমলীগড়ৰ ডাউন টাউনৰ অৱস্থাও বানৰ পিছত জৰ্জৰ হৈ পৰিছে ।
বানপানীৰ পিছত নুমলীগড়ৰ ডাউন টাউনৰ কদৰ্যময় অৱস্থা


গোলাঘাট, ২৩ জুলাই (হি.স.)। ৰাজ্য়ত শেহতীয়া বানপানীয়ে জনসাধাৰণক যথেষ্ট আহুকালত পেলাইছে। সমান্তৰালকৈ বাঢ়নী পানীৰ দুৰ্যোগৰ পাছত এতিয়া পানী শুকুওৱ ঠাইসমূহৰ অৱস্থা কদৰ্যময় হৈ পৰিছে। গোলাঘাট জিলাৰ নুমলীগড়ৰ ডাউন টাউনৰ অৱস্থাও বানৰ পিছত জৰ্জৰ হৈ পৰিছে । বানপানী কিছু কমিল যদিও বনাত্যৰ জীৱন দূৰ্দশাৰে ভৰি পৰিছে ।

বানপানীৰ ফলত খেতি পথাৰ, বাৰী, ঘৰ সকলোতে এতিয়া হাহাকাৰময় পৰিৱেশ । ইফালে দৈয়াং জসবিদ্যূত প্ৰকল্পৰ পানী এৰি দিয়াৰ খবৰে ৰাইজক অধিক আতংকিত কৰিছে । নুমলীগড়ৰ ডাউন টাউনকে ধৰি পাৰঘাট, ধোদাং, ৰদোৱাৰ, বাউৰীগাঁও আদি বহু অঞ্চলত বানপানীৰ প্ৰভাৱ এতিয়াও স্পষ্ট হৈ আছে । যদিও পানীৰ স্তৰ কিছু হ্ৰাস পাইছে, ৰাইজৰ দুৰ্দশাৰ অন্ত পৰা নাই।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande