
গোৱালপাৰা, ২৩ জুলাই (হি.স.)। গোৱালপাৰা জিলাৰ লক্ষীপুৰত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে । নিশা হাতীৰ জাকে মেধিপাৰা গাঁৱত চলায় উপদ্ৰৱ । ঘৰৰ চাউল খাই তাণ্ডৱ চলায় । হাতীৰ জাকটোত আছে প্ৰায় পঞ্চাছটাকৈ বন্যহস্তী । দিনত খেতিপথাৰে খেতিপথাৰে ঘূৰি ফুৰিছে গজৰাজৰ জাকটো।
উল্লেখ্য় যে খাদ্যৰ সন্ধানত হস্তীজাকে বিগত এটা মাহে গোৱালপাৰাৰ লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অধীনৰ বিভিন্ন স্থানত বিচৰণ কৰি ফুৰিছে । খাদ্য বিচাৰি এইদৰে নিশা ঘূৰি ফুৰিছে জাকটোৱে । ফলত ত্ৰাসিত হৈ পৰিছে লক্ষীপুৰ অঞ্চলৰ ৰাইজ । হস্তীজাকৰ বিচৰণে নিদ্ৰা হৰিছে কৃষকৰ । শালি ধানৰ কঠিয়া আৰু নকৈ ৰোৱা ধাননি ডৰাক লৈ চিন্তিত হৈ পৰিছে কৃষকসকল । বন বিভাগে হস্তীজাকক খেদি পঠিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই বিভাগটোৰ লোকসকল ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা