
লখিমপুৰ, ২৩ জুলাই (হি.স.)। নাওবৈছাৰ ফতেহপুৰত উত্তপ্ত পৰিস্থিতি। আৰক্ষীৰ সন্মুখতে দুই ফৈদৰ মাজত তীব্র হতাহতি। শ শ লোকৰ উপস্থিতিত কৃত্ৰিম বানৰ কৱলত থকা ফতেহপুৰ গাঁওৰ এটা পথ কাটি পানী মুকলি কৰিবলৈ আহি বিপাঙত জিলা প্ৰশাসন আৰু আৰক্ষীৰ লোক। বিবাদকাৰী আৰু ৰাইজৰ একাংশৰ মাজত তয়াময়া ৰণ।
বিহপুৰীয়া ৰাজহ চক্ৰৰ বিষয়াৰ লগত বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণত। পৰিস্থিতি আৰু অধিক হোৱাৰ আশংকাত জেচিবি লৈ পিছ হুহকিলে প্ৰশাসন বিভাগে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ