ৰঙিয়াৰ পুঠিমাৰীত সন্দেহজনক বাংলাদেশী নাগৰিক আটক
কামৰূপ, ২৩ জুলাই (হি.স.)। কামৰূপ জিলাৰ ৰঙিয়াৰ পুঠিমাৰীত সন্দেহজনক বাংলাদেশী নাগৰিক আটক কৰা হৈছে । পুঠিমাৰীত এটি শিশু সহ চাৰিজন ব্যক্তি সন্দেহজনক ভাবে ঘূৰা ফূৰা কৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে । পিচত স্থানীয় ৰাইজে সোধ পোছ কৰাত বাংলাদেশৰ পৰা অহা
ৰঙিয়াৰ পুঠিমাৰীত সন্দেহজনক বাংলাদেশী নাগৰিক আটক


কামৰূপ, ২৩ জুলাই (হি.স.)। কামৰূপ জিলাৰ ৰঙিয়াৰ পুঠিমাৰীত সন্দেহজনক বাংলাদেশী নাগৰিক আটক কৰা হৈছে । পুঠিমাৰীত এটি শিশু সহ চাৰিজন ব্যক্তি সন্দেহজনক ভাবে ঘূৰা ফূৰা কৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে । পিচত স্থানীয় ৰাইজে সোধ পোছ কৰাত বাংলাদেশৰ পৰা অহা বুলি স্বীকাৰ কৰে ।

স্থানীয় ৰাইজে পিচত কমলপুৰ আৰক্ষীক গটাই দিয়ে বাংলাদেশী কেইজনক । আটক কৰা বাংলাদেশী কেইজন ক্ৰমে বজন বৰ্মন (২২), ৰিপন বৰ্মন(২৩), পূজা ৰাণী(২০), ঐশ্বৰ্য ৰাণী (২) আৰু নীহা ইছলাম মাহী (১৯) বুলি পৰিচয় পোৱা গৈছে । বৰ্তমান আটাইকেইজন লোকক কমলপুৰ আৰক্ষী থানাত ৰখা হৈছে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande