
তিনিচুকিয়া, ২৩ জুলাই (হি.স.)। দিল্লীৰ পিছত এইবাৰ তিনিচুকীয়া জিলাৰ ডুমডুমাতো গৰজি উঠিল মহাবিদ্য়ালয়ৰ ছাত্ৰ-ছাত্ৰী। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰী সকলে। প্ৰতিবাদকাৰী সকলৰ অভিযোগ, ছাত্ৰ-ছাত্ৰী সকলৰ গণতান্ত্ৰিক আন্দোলনৰ ওপৰত চৰকাৰ আৰু আৰক্ষীয়ে বলপ্ৰয়োগ কৰাটো অগণতান্ত্ৰিক। তেওঁলোকৰ মতে, শিক্ষাৰ্থীৰ কণ্ঠ ৰোধ কৰাৰ এনে প্ৰচেষ্টাই দেশৰ গণতান্ত্ৰিক মূল্যবোধক আঘাত হানে।
প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে কয় যে, শিক্ষাৰ্থীৰ অধিকাৰ সুৰক্ষিত ৰখা আৰু শিক্ষা ব্যৱস্থাৰ স্বচ্ছতা নিশ্চিত কৰাৰ দাবীত তেওঁলোকৰ এই আন্দোলন অব্যাহত থাকিব। আমি আজি বহু কম সংখ্যক ছাত্ৰ ছাত্ৰী প্ৰতিবাদ কৰিবলৈ ওলাই আহিছো অহা কালিলৈ আৰু এনেকৈ বহু সংখ্যক ছাত্ৰ ছাত্ৰী ওলাই আহিব সেইয়া নিশ্চিত।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ