
হাৰাৰে, ২৩ জুলাই (হি.স.)। ভাৰতৰ বিৰুদ্ধে জিম্বাবুৱেৰ বেটছমেন মিল্টন ছুম্বা সোঁহাতৰ আঘাতৰ বাবে তিনিখন মেচৰ টি-২০ শৃংখলাৰ পৰা বাহিৰ হৈছে। তেওঁৰ সলনি ইনোচেণ্ট কাইয়াই ছিৰিজৰ প্ৰথমখন মেচৰ পূৰ্বে হাৰাৰেত দলটোত যোগদান কৰিছে।
মঙলবাৰে ছুম্বাৰ স্কেন কৰা হয়, য’ত হামষ্ট্ৰিং আঘাত নিশ্চিত কৰা হয়। ইয়াৰ পিছতে ২৫ বছৰীয়া বেটছমেনগৰাকীক সমগ্ৰ টি-২০ শৃংখলাৰ পৰা বাহিৰ কৰা হয়। তেওঁৰ সলনি ইনোচেণ্ট কাইয়াও বহু প্ৰত্যাশিত খেললৈ ঘূৰি আহিছে। ২০২৪ চনৰ জুলাই মাহত তেওঁ শেষবাৰৰ বাবে টি-২০ আই খেলিছিল, কাকতলীয়াভাৱে হাৰাৰেত ভাৰতৰ বিৰুদ্ধে।
শেহতীয়াকৈ সমাপ্ত হোৱা তিনিখন খেলৰ টি-২০ শৃংখলাত বাংলাদেশৰ বিৰুদ্ধে শুম্বাই সকলো মেচ খেলিছিল। ইয়াৰ ফলত ২০২২ চনৰ পিছত তেওঁ টি-২০ আন্তঃৰাষ্ট্ৰীয় দললৈ ঘূৰি আহিছিল।
আজি ভাৰত আৰু জিম্বাবুৱেৰ মাজত অনুষ্ঠিত হৈছে তিনিখন খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন খেল। দ্বিতীয় আৰু তৃতীয়খন খেল ক্ৰমে শনিবাৰ আৰু দেওবাৰে হাৰাৰে স্প’ৰ্টছ ক্লাবত অনুষ্ঠিত হ’ব।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ