

গ্লাছগো, ২৩ জুলাই (হি.স.)। স্কটলেণ্ডৰ গ্লাছগোত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া ২০২৬ কমনৱেলথ গেমছত ভাৰতৰ প্ৰথমটো পদক মুকলি অনুষ্ঠানৰ পূৰ্বেই নিশ্চিত হৈছে। ভাৰতীয় তাৰকা বক্সাৰ লভলিনা বৰগোহাঁয়ে মহিলাৰ ৭৫ কেজি শাখাৰ ছেমি ফাইনেলত পোনপটীয়াকৈ প্ৰৱেশ নিশ্চিত কৰি কমেও ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছে ।
মহিলাৰ ৭৫ কেজি শাখাত মাত্ৰ পাঁচগৰাকী বক্সাৰেহে অংশগ্ৰহণ কৰিছে। ফলস্বৰূপে লভলিনাই প্ৰথম ৰাউণ্ডত বাই লাভ কৰি পোনে পোনে ছেমি ফাইনেললৈ আগবাঢ়ি যায়। কমনৱেলথ গেমছৰ নিয়ম অনুসৰি ছেমি ফাইনেলত পৰাজিত দুয়োজন বক্সাৰে ব্ৰঞ্জৰ পদক লাভ কৰে, যাৰ ফলত লভলিনাৰ পদক ইতিমধ্যে নিশ্চিত হৈ পৰিছে।
২৮ বছৰীয়া লভলিনাই এতিয়া টুভালুৰ টি.কে.বি.পি. টাফাকিৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হব । জয়ে তেওঁক ফাইনেললৈ আগুৱাই লৈ যাব আৰু সোণৰ পদকৰ বাবে প্ৰত্যাহ্বান জনাব।
এইটোৱেই হ’ব অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লভলিনাৰ কমনৱেলথ গেমছৰ প্ৰথমটো পদক। ইয়াৰ পূৰ্বে বাৰ্মিংহাম ২০২২ কমনৱেলথ গেমছত ৱেলছৰ ৰ’জী একলছৰ হাতত পৰাস্ত হৈ লাইট মিডলৱেট শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল।
গ্লাছগো কমনৱেলথ গেমছ ২০২৬ৰ উদ্বোধনী অনুষ্ঠানত ভাৰোত্তোলন তাৰকা মিৰাবাই চানুৰ সৈতে ভাৰতীয় দলটোৰ পতাকাবাহী হিচাপেও লাভলিনাক নিৰ্বাচিত কৰা হৈছে ।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ