গৌৰীপুৰত আৰক্ষী অভিযানত চোৰাং গৰু সহ কৰায়ত্ব সৰবৰাহকাৰী
ধুবুৰী, ২৩ জুলাই(হি.স.)। ৰাজ্যত আৰক্ষীৰ তালাচীৰ মাজতো বৰ্তমানো সক্ৰিয় হৈ আছে চোৰাং গৰু সৰবৰাহকাৰী চক্ৰ । ইয়াৰ মাজতে যোৱাকালি বুধবাৰে নিশা ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে এক অভিযান চলাই ৰাষ্ট্ৰীয় ঘাইপথত এক বৃহৎ চোৰাং গৰু সৰবৰাহৰ চেষ্টা ব্যৰ্থ কৰে ।
গৌৰীপুৰত আৰক্ষী অভিযানত চোৰাং গৰু সহ কৰায়ত্ব সৰবৰাহকাৰী


ধুবুৰী, ২৩ জুলাই(হি.স.)। ৰাজ্যত আৰক্ষীৰ তালাচীৰ মাজতো বৰ্তমানো সক্ৰিয় হৈ আছে চোৰাং গৰু সৰবৰাহকাৰী চক্ৰ । ইয়াৰ মাজতে যোৱাকালি বুধবাৰে নিশা ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে এক অভিযান চলাই ৰাষ্ট্ৰীয় ঘাইপথত এক বৃহৎ চোৰাং গৰু সৰবৰাহৰ চেষ্টা ব্যৰ্থ কৰে । গোপন সূত্ৰৰ পম খেদি গৌৰীপুৰ আৰক্ষীৰ এটা দলে মলাতীখামাৰ সমীপৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নৈশ অভিযান চলাই এখন গৰু ভৰ্তি ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, এএছ-০১ইউচি-২০৪৬ নম্বৰৰ ট্ৰাকখনৰ পৰা অবৈধভাৱে কাঢ়ি আনিব খোজা ২৫ টা গৰু আৰক্ষীয়ে উদ্ধাৰ কৰে । অবৈধ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে চক্ৰটোৰ চাৰিজন সদস্যক আটক কৰে ।

প্ৰাৰম্ভিক তদন্ত অনুসৰি গৰুকেইটা চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা অসমলৈ আনি চোৰাংভাৱে বিক্ৰী কৰাৰ চেষ্টা চলোৱা হৈছিল । আনহাতে, জব্দকৃত গৰু আৰু ট্ৰাকখন বৰ্তমান আৰক্ষীৰ জিম্মাত ৰখা হৈছে । আটক কৰা চাৰিওজন সৰবৰাহকাৰীক অধিক তথ্যৰ সন্ধান উলিয়াবলৈ গৌৰীপুৰ আৰক্ষীয়ে সঘনে মাৰাথন জেৰা অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande