

নামচি, ২৩ জুলাই (হি.স.)। ছিকিমৰ নামচি জিলাৰ ঝোলুঙে সমৰডুঙত নির্মাণ হৈ থকা ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগম লিমিটেড (এনএইচপিচি)ৰ তিষ্টা ষ্টেজ-৬ জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগত চাৰিদিনীয়া অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বৃহস্পতিবাৰে অন্ত পৰে । সুৰংগটোৰ পৰা উদ্ধাৰ কৰা হৈছে ২৫ জন নিহত আটাইকেইজন লোকৰ মৃতদেহ।
নামচি জিলা প্ৰশাসনৰ তথ্য অনুসৰি আজিৰ উদ্ধাৰ অভিযানত আৰু তিনিটা মৃতদেহ উদ্ধাৰ কৰি দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি পালে । ইয়াৰ পিছত উদ্ধাৰকাৰী দলে সুৰংগটোৰ বিশদ পৰিদৰ্শন কৰে আৰু নিৰুদ্দেশ হোৱা সকলো শ্ৰমিকৰ সবিশেষ মিলাই নিশ্চিত কৰে যে এতিয়াও কোনো লোক ভিতৰত আবদ্ধ হৈ থকা নাই । নিহতসকলৰ ভিতৰত আছে এন এইচ পি চি লিমিটেড, এ আৰ এক্স আৰু পেটেল ইঞ্জিনিয়াৰিং লিমিটেডৰ কৰ্মচাৰী আৰু বিষয়া। নিহতসকল ভাৰতৰ ১০খন ৰাজ্যৰ বাসিন্দা আছিল, ইয়াৰ ভিতৰত পশ্চিম বংগৰ ১১জন, ঝাৰখণ্ডৰ ৪জন, জম্মু-কাশ্মীৰ আৰু উত্তৰাখণ্ডৰ ২জনকৈ আৰু কেৰালা, উত্তৰ প্ৰদেশ, বিহাৰ, ছিকিম, পঞ্জাৱ, অসমৰ ১জন লোক আছে ।
উদ্ধাৰ হোৱা সকলো মৃতদেহক প্ৰয়োজনীয় আইনী আৰু চিকিৎসা পদ্ধতিৰ বাবে চিংটাম জিলা চিকিৎসালয়, এছ টি এন এম হাস্পতাল (গেংটক), নামচি জিলা চিকিৎসালয়, আৰু মণিপালৰ চেণ্ট্ৰেল ৰেফাৰেল হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । চিনাক্ত কৰা সকলক পৰিয়ালৰ হাতত গতাই দিয়া হৈছে। অনুসন্ধান আৰু উদ্ধাৰ অভিযান সমাপ্ত হোৱাৰ পিছতে জিলা প্ৰশাসনে এই প্ৰত্যাহ্বানমূলক চাৰিদিনীয়া অভিযানত অক্লান্ত নিষ্ঠা, পেছাদাৰিত্ব, আৰু উৎকৃষ্ট সমন্বয়ৰে অৰিহণা যোগোৱা সকলো উদ্ধাৰ সংস্থা আৰু কৰ্মীক আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে ।
ইফালে, ৰাজ্য চৰকাৰে এই কৰুণ ঘটনাৰ কাৰণ আৰু পৰিস্থিতিৰ তদন্তৰ বাবে আৰু ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ দাখিল কৰিবলৈ এখন উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰিছে। নামচি জিলা প্ৰশাসনৰ নেতৃত্বত এন এইচ পি চিৰ বিষয়া, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ), ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছ ডি আৰ এফ), ইষ্টাৰ্ণ ক’লফিল্ডছ লিমিটেড, আছানছল খনি উদ্ধাৰকাৰী দল, ছিকিম আৰক্ষী, অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ সৈতে ঘনিষ্ঠ সমন্বয়ত এই উদ্ধাৰ অভিযান। ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই এই অভিযান অবিৰতভাৱে নিৰীক্ষণ কৰি আছিল।
যোৱা ২০ জুলাইৰ বিয়লি দক্ষিণ ছিকিমৰ নামচি জিলাৰ ঝোলুঙেৰ সমৰডুঙত থকা এন এইচ পি চি টিষ্টা ষ্টেজ-৬ জলবিদ্যুত প্ৰকল্পৰ সুৰংগত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত সুৰংগটোৰ ভিতৰত হঠাতে বিস্ফোৰণ ঘটি মিথেন গেছ নিৰ্গত হোৱাত তাত কৰ্মৰত কৰ্মীসকল বিষাক্ত গেছৰ সংস্পৰ্শত আক্ৰান্ত হয়।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ