
নতুন দিল্লী, ২৩ জুলাই (হি.স.)। দিল্লীৰ কেইবাটাও মেট্ৰ’ ষ্টেচন বন্ধ কৰাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে। শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ সূৰ্য কান্তে কয় যে আজি দুপৰীয়াৰ ভিতৰত যদি বিষয়টো সমাধান নহয় তেন্তে তেওঁ হস্তক্ষেপ কৰিব।
উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সন্থাৰ সভাপতি বিকাশ সিঙে বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশৰ নেতৃত্বত এখন বিচাৰপীঠৰ সন্মুখত উল্লেখ কৰে যে মেট্ৰ’ ষ্টেচন বন্ধ হৈ থকাৰ বাবে অধিবক্তা আৰু বিবাদীসকলৰ বাবে সময়মতে আদালতত উপস্থিত হোৱাত অসুবিধাৰ সৃষ্টি হৈছে। তেওঁ আহ্বান জনায় যে অন্ততঃ অধিবক্তা, বিবাদী, আদালতৰ কৰ্মচাৰীক ভ্ৰমণৰ অনুমতি দিব লাগে। ইয়াৰ পিছত মুখ্য ন্যায়াধীশে কয় যে কোনো গোচৰত অধিবক্তা বা বিবাদীয়ে হাজিৰ হ’ব নোৱাৰিলে কোনো বিৰূপ আদেশ জাৰি নকৰিবলৈ তেওঁ নিৰ্দেশ দিছে। তেওঁ লগতে কয় যে এক্সাইট গেটত স্ক্ৰীনিং কৰিব লাগে, আৰু উচ্চতম ন্যায়ালয়ৰ পৰিচয় পত্ৰ দাখিল কৰিলে প্ৰৱেশৰ অনুমতি দিব লাগে।
দৰাচলতে যন্তৰ মন্তৰত হোৱা প্ৰতিবাদৰ বাবেই নিৰাপত্তা আৰু আইন-শৃংখলাৰ কথা মনত ৰাখি দিল্লী মেট্ৰ’ ৰে’ল নিগমে উচ্চতম ন্যায়ালয়কে ধৰি প্ৰায় ১৬টা মেট্ৰ’ ষ্টেচন পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে বন্ধ কৰি দিছে ।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ