নিট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলঃ ৰঙিয়াত ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ
কামৰূপ, ২৩ জুলাই (হি.স.)। নিট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলঃ ৰঙিয়াত ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ ৰঙিয়া,২৩জুলাইঃনিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক কেন্দ্ৰ কৰি দেশজুৰি চলি থকা প্ৰতিবাদৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আজি ৰঙিয়াতো একাংশ ছাত্ৰ-ছাত্ৰীয়ে তী
নিট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলঃ ৰঙিয়াত ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ


কামৰূপ, ২৩ জুলাই (হি.স.)। নিট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলঃ ৰঙিয়াত ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ

ৰঙিয়া,২৩জুলাইঃনিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক কেন্দ্ৰ কৰি দেশজুৰি চলি থকা প্ৰতিবাদৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আজি ৰঙিয়াতো একাংশ ছাত্ৰ-ছাত্ৰীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনৰ সন্মুখত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে যুৱ সমাজ আৰু শতাধিক ছাত্ৰ-ছাত্ৰীয়ে।

হাতে হাতে প্লে-কাৰ্ড লৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী গৰাকীৰ বিৰুদ্ধে শ্লোগান দিয়ে প্ৰতিবাদকাৰী সকলে।

প্ৰতিবাদকাৰী সকলে অভিযোগ কৰি কয় যে শিক্ষা ব্যৱস্থাৰ স্বচ্ছতা ৰক্ষা কৰাত চৰকাৰ ব্যৰ্থ হৈছে আৰু ঘটনাটোৰ নৈতিক দায়িত্ব গ্ৰহণ কৰি ধৰ্মেন্দ্ৰ প্ৰধানে অবিলম্বে পদত্যাগ কৰিব লাগে।

প্ৰতিবাদ কালত হৰদত্ত বীৰদত্ত ভৱন চৌহদত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।

আনকি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে আৰক্ষীৰ লোকো ঘটনাস্থলীত মোতায়েন কৰা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande