
গোলাঘাট, ২৩ জুলাই (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱত কৃত্ৰিম বানপানীয়ে ভয়ঙ্কৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । দেৰগাঁৱৰ সমীপৱৰ্তী ইকৰানি গাঁৱৰ এটা মূল পথ বাঢ়নী পানীৰ তীব্ৰ সোঁতত চিগি নদীত জাহ যোৱাৰ উপক্ৰম হৈছে । মধ্য ইকৰানী আৰু ২নং ইকৰানী গাঁৱৰ মাজত যাতায়ত ইতিমধ্যে বিচ্ছিন্ন হৈ পৰিছে ।
বাঢ়নী পানীত খেতি পথাৰ আদি বুৰ যোৱাৰ ফলত ৰাইজৰ মাজত এক হাঁহাকাৰ পৰিবেশৰ সৃষ্টি হয় । পানীৰ বাবেই দুদিন ধৰি গৃহ বন্দী হৈ ৰৈছে অঞ্চলবাসী লোকসকল। ইফালে বানপীড়িত এলেকা পৰিদৰ্শন কৰে খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়া তথা মিছামৰা জিলা পৰিষদৰ সদস্য পৰাগ বৰাই । এই অঞ্চলতোৰ বাবে প্ৰয়োজনীয় সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক তাৎক্ষণিক ভাৱে নিৰ্দেশ দিয়ে বিধায়ক মৃনাল শইকীয়াই ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ