শ্ৰীৰামপুৰৰ হাৰাপুটাত ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত যুৱক
শ্ৰীৰামপুৰৰ হাৰাপুটাত ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত যুৱক।
শ্ৰীৰামপুৰৰ হাৰাপুটাত ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত যুৱক


কোকৰাঝাৰ, ২৩ জুলাই (হি.স.): কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰৰ হাৰাপুটাত ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি বুধবাৰে বিয়লি পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় এজন যুৱক । এক অজ্ঞাত ট্ৰেইলাৰ গাড়ীৰ লগত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় ।

জানিব পৰামতে, ৰাজমিস্ত্ৰী হাজিৰা কাম শেষ কৰি আহি থাকোঁতে সংগঠিত হয় এই দুৰ্ঘটনা । শ্ৰীৰামপুৰ চাৰিআলিৰ সমীপৰ পৰা দিনহাজিৰা শেষ কৰি মটৰ চাইকেলেৰে ঘৰ অভিমুখে যোৱাৰ সময়ত হাৰাপুটা মিছনত সংগঠিত হয় এই দুৰ্ঘটনা । যুৱকজন গোসাঁইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ২নং ভোমৰাবিল গাঁৱৰ আমিৰ হামজাৰ পুত্ৰ ইমৰাণ হুছেইন (২২) বুলি চিনাক্ত কৰা হৈছে । উক্ত টাৰ্ণিঙত নিয়োজিত আৰক্ষীৰ অৱহেলাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande