বৰপেটা ৰোডত উৎখাত বৃহৎ নাৰীদেহ ব্যৱসায়ৰ ঘাটি
বৰপেটা, ২৩ জুলাই (হি.স.)। বৰপেটাৰ বৰপেটা ৰোডৰ পৰা উৎখাত বৃহৎ নাৰীদেহ ব্যৱসায়ৰ ঘাটি।হোটেলৰ নামত বৰপেটা ৰোডৰ ২নং ৱাৰ্ডৰ পাইকাৰী পাচলি বজাৰত গঢ়ি উঠিছিল বৃহৎ নাৰীদেহ ব্যৱসায়ৰ ঘাটি ।এজন প্ৰাক্তন ভাৰতীয় সেনাৰ হোটেলৰ পৰা চলিছিল এই ৰমৰমীয়া নাৰীদেহৰ ব্
বৰপেটা ৰোডত উৎখাত বৃহৎ নাৰীদেহ ব্যৱসায়ৰ ঘাটি


বৰপেটা, ২৩ জুলাই (হি.স.)। বৰপেটাৰ বৰপেটা ৰোডৰ পৰা উৎখাত বৃহৎ নাৰীদেহ ব্যৱসায়ৰ ঘাটি।হোটেলৰ নামত বৰপেটা ৰোডৰ ২নং ৱাৰ্ডৰ পাইকাৰী পাচলি বজাৰত গঢ়ি উঠিছিল বৃহৎ নাৰীদেহ ব্যৱসায়ৰ ঘাটি ।এজন প্ৰাক্তন ভাৰতীয় সেনাৰ হোটেলৰ পৰা চলিছিল এই ৰমৰমীয়া নাৰীদেহৰ ব্যৱসায়। হোটেলৰ ভিতৰৰ পৰা উদ্ধাৰ দমে দমে নতুন আৰু ব্যৱহৃত কণ্ডম, দেহ ব্যৱসায়ৰ সৈতে জড়িত ৭ জনকৈ যুৱতী আৰু কেইবাজনো যুৱকক আজি হিন্দু পৰিষদ অসমৰ কৰ্মকৰ্তা সকলে চলোৱা এক বিশেষ অভিযানত পোহৰলৈ আহে এই ঘটনা।

বৰপেটা ৰোডৰ ২নং ৱাৰ্ডৰ মানাস গেষ্ট হাউচ নামৰ হোটেল খনত আজি হিন্দু পৰিষদ অসমে অতৰ্কিতে চলোৱা এক অভিযানৰ পিছতে অনৈতিক কাম কৰি থকা অৱস্থাত কেইবাজনো যুৱক যুৱতী ধৰাত পৰে। প্ৰাক্তন ভাৰতীয় সেনা ছাইজউদ্দিনৰ হোটেলৰ পৰা বাবু আৰু বছৰ নামৰ দুই মুছলমান যুৱকৰ নেতৃত্বত দীৰ্ঘদিন ধৰি বৰপেটা ৰোডৰ জামে মছজিদৰ কাষত মানাস গেষ্ট হাউচ নামৰ হোটেল খনত চলাই আহিছিল ৰমৰমীয়া নাৰীদেহৰ ব্যৱসায়।

বৰপেটা ৰোডৰ মাজমজিয়াত এজন প্ৰাক্তন ভাৰতীয় সেনাৰ হোটেলত এনেকুৱা নিকৃষ্ট কাণ্ড পোহৰলৈ অহাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত বৰপেটা ৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্যামল জ্যোতি শইকীয়াৰ নেতৃত্বত মহিলা আৰক্ষী সহ এটি বৃহৎ আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও যুৱতী আৰু যুৱকজনক কৰায়ত্ত কৰি আৰক্ষী থানালৈ লৈ যায় যদিও ঘটনাৰ উমান পাই ঘটনাস্থলীৰ পৰা পলাই পত্ৰং দিয়ে বাবু আৰু ফজল নামৰ নাৰীদেহ ব্যৱসায়ৰ মুল দুই মাষ্টাৰ মাইণ্ড। এজন মুছলমান মালিকানাধীন হোটেলত হিন্দু পৰিষদ অসমে চলায় বিশেষ অভিযান।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande