
নতুন দিল্লী, ২৩ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীক আশ্বাস দিয়ে যে যুৱক-যুৱতীসকলৰ ভৱিষ্যত বিপন্ন কৰা কোনো লোকক ৰেহাই দিয়া নহ’ব। তেওঁ ঘোষণা কৰে যে প্ৰশ্নকাকত ফাদিলৰ সকলো গোচৰতে ফাষ্ট ট্ৰেক আদালত স্থাপন কৰা হ’ব যাতে দোষীক দ্ৰুত আৰু কঠোৰ শাস্তি নিশ্চিত কৰিব পৰা যায়।
প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত উল্লেখ কৰে যে ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থ ৰক্ষাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ফাষ্ট ট্ৰেক আদালত সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰা হৈছে আৰু সংশ্লিষ্ট বিভাগসমূহে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত কৰক।
উল্লেখযোগ্য যে নীট আৰু অন্যান্য পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত দিল্লীৰ যন্তৰ মন্তৰত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ অব্যাহত আছে। শিক্ষামন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰাটো ছাত্ৰ-ছাত্ৰীৰ মূল দাবী।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া