
নতুন দিল্লী, ২৩ জুলাই (হি.স.)। ৰাজ্যসভাৰ অধ্যক্ষ চি.পি. ৰাধাকৃষ্ণনে বৃহস্পতিবাৰে জুন আৰু জুলাই মাহৰ ভিতৰত বিভিন্ন ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা প্ৰাণহানি আৰু সম্পত্তিৰ ক্ষতিৰ বাবে গভীৰ শোক প্ৰকাশ কৰে। ইয়াৰ পিছতে নীট পৰীক্ষাৰ আলোচনাক লৈ শাসক-বিৰোধী দলৰ মাজত উত্তপ্ত আদান-প্ৰদানৰ ফলত সদন দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হয়।
সদনৰ কাৰ্য্যসূচী আৰম্ভ হোৱাৰ লগে লগে অধ্যক্ষই অসম, অৰুণাচল প্ৰদেশ, গুজৰাট, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, কেৰালা, মিজোৰাম, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, আৰু উত্তৰাখণ্ডৰ প্ৰাকৃতিক দুৰ্যোগত প্ৰাণ-সামগ্ৰী হেৰুওৱাত শোক প্ৰকাশ কৰে। তেওঁ নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰে। অধ্যক্ষগৰাকীয়ে কয় যে সদনে দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সকলোৰে সৈতে সংহতিৰে থিয় দিছে। ইয়াৰ পিছতে সদস্যসকলে থিয় হৈ মৃতকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ইয়াৰ পিছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে উল্লেখ কৰে যে সকলো পক্ষই নীট পৰীক্ষাৰ বিষয়টোত চৰ্চাৰ দাবী জনাইছে, আৰু ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটেও এই বিষয়ত বিতৰ্ক অব্যাহত ৰখাৰ পক্ষত আছে। তেওঁ উল্লেখ কৰে যে বিৰোধী নেতা বিশেষকৈ মল্লিকাৰ্জুন খৰ্গেৰ সৈতে আলোচনাৰ অন্তত আজি সদনত এই বিষয়ত আলোচনা আৰম্ভ হ’ব পাৰে বুলি আশা কৰা হৈছিল যদিও কংগ্ৰেছে চৰ্ত আৰোপ কৰে।
ৰিজিজুৱে কয় যে চৰ্চাৰ প্ৰাকৰূপ আৰু সময়সীমাৰ বিষয়ে আলোচনা কৰিবলৈ চৰকাৰ সাজু, কিন্তু কোনো পূৰ্বচৰ্ত মানি ল’ব নোৱাৰি। তেওঁ অভিযোগ কৰে যে বিৰোধীয়ে আলোচনাৰ দাবী উত্থাপন কৰিও চৰ্ত আৰোপ কৰি তাক বিঘ্নিত কৰিব বিচাৰে। তেওঁ উল্লেখ কৰে যে নীট পৰীক্ষাৰ বিষয়টোক ৰাজনীতিকৰণ কৰা উচিত নহয় আৰু সংসদৰ দুয়োটা সদনত অৰ্থপূৰ্ণভাৱে আলোচনা কৰা উচিত।
তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশ্নকাকত ফাদিলৰ দৰে কাণ্ডত তৎকালীন আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ, দোষীক দ্ৰুত আৰু কঠোৰ শাস্তি নিশ্চিত কৰিবলৈ দ্ৰুত ন্যায়িক ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৰিজিজুৱে বিৰোধী দলক কোনো পূৰ্বচৰ্ত নোহোৱাকৈ আলোচনাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।
এই সময়ছোৱাত বিৰোধী সদস্যসকলে হুলস্থুলৰ সৃষ্টি আৰু শ্লোগান উত্থাপন কৰি থাকিল। বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খৰ্গে প্ৰধানমন্ত্ৰীৰ এই বক্তব্য উচটনিমূলক বুলি মন্তব্য কৰি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগিব। আমি সদনত আলোচনা বিচাৰো, কিন্তু চৰকাৰে ইয়াৰ পৰা পলাই গৈছে। অব্যাহত থকা হুলস্থুলৰ মাজতে অধ্যক্ষই ৰাজ্যসভাৰ কামকাজ দুপৰীয়া ১২ পৰ্যন্ত স্থগিত ৰাখে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া